কামৰূপ, ১৯ ফেব্ৰুৱাৰী: সমাগত বিধানসভা নিৰ্বাচন । ৰাজনৈতিক নেতা-মন্ত্ৰী নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হোৱাৰ বিপৰীতে ৰাজ্যৰ ঠায়ে-ঠায়ে বিভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে । শুকুৰবাৰে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰে অসহযোগ কাৰ্যসূচী । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কামৰূপ জিলা প্ৰশাসনৰ কৰ্মচাৰী সন্থাইও অসহযোগ কাৰ্যসূচী ৰূপায়ন কৰে ।
সসগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলা প্ৰশাসনৰ কৰ্মচাৰী সন্থাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কেইবা দফীয়া দাবীত এই অসহযোগ কাৰ্যসূচী ৰূপায়ন কৰে । অসম চৰকাৰক ৰাজ্যৰ প্ৰতিখন জিলা প্ৰশাসনৰ কাৰ্যালয়ত খালি হৈ থকা গাণনিক ,মহা প্ৰৱন্ধক পদ পূৰণ, গ্ৰেজুৱেট গ্ৰেড পে ৮৭০০ টকাকৈ বৃদ্ধি কৰা, পৰ্যবেক্ষক জাননী, হেড জাৰি কাৰক, হেড পিয়ন আদিৰ দীৰ্ঘদিনীয়া দাবী জনাই আহিছিল । কিন্তু অতি পৰিতাপৰ বিষয় যে, তেওঁলোকৰ এইসমূহ দাবীলৈ আজিকোপতি চৰকাৰে কোনোধৰণৰ কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ।