অসম

assam

ETV Bharat / state

কামৰূপ জিলাৰ চাৰি বিধান সভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ - আমিনগাঁও উপায়ুক্ত সংবাদমেল

মঙলবাৰে প্ৰকাশিত খচৰা তালিকা অনুসৰি ভোটাৰ তালিকাত কোনো ভাৰতীয় নাগৰিকে নাম অন্তৰ্ভূক্ত কৰিব বিচাৰিলে বা খচৰা তালিকাৰ অভিযোগ থাকিলে অহা 22 জানুৱাৰী 2020ৰ ভিতৰত অভিযোগ দাখিল কৰিব পাৰিব ৷ লগতে 2020 চনৰ 1 জানুৱাৰীত 18 বছৰ সম্পূৰ্ণ হোৱা যুৱক-যুৱতীসকলেও নাম অন্তৰ্ভূক্ত কৰিব পাৰিব ৷

amingaon dc office press meet about new voter list
কামৰূপ জিলাৰ চাৰি বিধান সভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

By

Published : Dec 25, 2019, 1:13 AM IST

কামৰূপ, 24 ডিচেম্বৰঃ ৰাজ্যত ঠায়ে ঠায়ে অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ ইয়াৰ মাজতে মঙলবাৰে কামৰূপ জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয় ৷ কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ সঞ্চালনাত অনুষ্ঠিত কৰা হয় এখনি সভা ৷ উক্ত সভাতে 48 নং বকো, 49 নং ছয়গাঁও, 50 নং পলাশবাৰী আৰু 55 নং হাজো বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা প্ৰস্তুত কৰা হয় ৷ ভোটাৰ তালিকা অনুযায়ী বকো বিধানসভা সমষ্টিত 2,16,683জন, ছয়গাঁও বিধানসভা সমষ্টিত 1,77204 জন, পলাশবাৰী বিধানসভা সমষ্টিত 1,49,172 জন আৰু হাজো বিধানসভা সমষ্টিত 1,69,334 জন ভোটাৰ অন্তৰ্ভূক্ত হৈছে ৷ ইয়াৰে 3,47,759 গৰাকী মহিলাৰ বিপৰীতে 3,64,612 পুৰুষ ভোটাৰ ৷

কামৰূপ জিলা উপায়ুক্তৰ সংবাদমেল

উল্লেখ্য যে, মঙলবাৰে প্ৰকাশিত খচৰা তালিকা অনুসৰি ভোটাৰ তালিকাত কোনো ভাৰতীয় নাগৰিকে নাম অন্তৰ্ভূক্ত কৰিব বিচাৰিলে বা খচৰা তালিকাৰ অভিযোগ থাকিলে অহা 22 জানুৱাৰী 2020ৰ ভিতৰত অভিযোগ দাখিল কৰিব পাৰিব ৷ লগতে 2020 চনৰ পহিলা জানুৱাৰীত 18 বছৰ সম্পূৰ্ণ হোৱা যুৱক-যুৱতীসকলেও নাম অন্তৰ্ভূক্ত কৰিব পাৰিব ৷ আনহাতে, 22 জানুৱাৰীৰ পিছত কোনো নতুন ভোটাৰৰ বাবে আবেদন গ্ৰহণ কৰা নহ’ব বুলি অতিৰিক্ত উপায়ুক্ত গৌৰীশংকৰ শৰ্মাই জানিবলৈ দিয়ে ৷ তেখেতে লগতে ভোটাৰৰ সুবিধাৰ্থে ভাৰতীয় নিৰ্বাচন আয়োগে মুকলি কৰা NVSP পৰ্টেল সেৱাৰ বিষয়েও অবগত কৰে ৷ চূড়ান্ত ভোটাৰ তালিকা 2020ৰ 14 ফেব্ৰুৱাৰীত প্ৰকাশ পাব ৷

লগতে পঢ়ক- জনসমুদ্ৰত পৰিণত হ'ল চৌকিদিঙী খেলপথাৰঃ গণ আন্দোলনলৈ জনতাৰ অভূতপূৰ্ব সঁহাৰি

ABOUT THE AUTHOR

...view details