ৰঙিয়া, ২২ জানুৱাৰী:দেশ-বিদেশত বহুল চৰ্চিত আৰু বহু বিতৰ্কিত ছবি পাঠান (Bollywood new Movie Pathan) । দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে পাঠান বিতৰ্কৰ শিখৰত উঠিছে অসমত । ইয়াৰ মাজতে দেখা গ'ল এখন বিপৰীত ছবি (Pathan controversy news) । এফালে পাঠানক লৈ তীব্ৰ বিতৰ্ক আনফালে শ্বাহৰুখ খান অভিনীত ছবি পাঠানলৈ অনুৰাগীৰ ব্যাপক সঁহাৰি । যি সময়ত পাঠানক নিষিদ্ধ ঘোষণা কৰি উগ্ৰ হিন্দুত্ববাদী সংগঠনে অসমত পাঠানৰ বেনাৰ পোষ্টাৰ ফালি (Bajrang Dal members burnt Pathan poster) ছবিগৃহত তাণ্ডৱ চলাইছে সেই সময়তে ৰঙিয়াত অনুৰাগীয়ে আগতীয়াকৈ ক্ৰয় কৰিলে পাঠানৰ ১৯২ টা টিকট (Purchase of advance tickets for Pathan film in Rangia) ।
শ্বাহৰুখ খান অভিনীত পাঠান বোলছবি খনৰ বিষয়ে চৌদিশে বিতৰ্ক হৈ থকাৰ মাজতে ৰঙিয়াৰ কেন্দুকোনাৰ এগৰাকী অনুৰাগীয়ে ৰঙিয়াৰ ডিলাইট গোল্ড চিনেমা হলৰ ১৯২ টা টিকট ক্ৰয় কৰে । অনুৰাগীগৰাকী হৈছে ৰঙিয়াৰ কেন্দুকোনা নিবাসী ফাৰুক খান । টিকটসমূহ ক্ৰয় কৰি শ্বাহৰুখ খানৰ অনুৰাগী গৰাকীয়ে উৎফুল্লিত হৈ কয় যে বহুদিনৰ মূৰত শ্বাহৰুক খানক পুনৰ ৰূপালী পৰ্দাত দেখিবৈ পোৱা যাব ।
কোনোবাই প্ৰতিবাদ কৰিলে বা বয়কট কৰিলেও তেওঁলোকে শ্বাহৰুক খানক চাবলৈ যাবই । তেখেতে নিজৰ লগতে পৰিয়াল বৰ্গ আৰু বন্ধু-বান্ধৱৰ সৈতে চিনেমাখন উপভোগ কৰিব বুলি মত প্ৰকাশ কৰে । চিনেমাখনৰ মুক্তিৰ প্ৰথম দিনাখনৰ প্ৰথম প্ৰদৰ্শনীৰ টিকট সমুহ ক্ৰয় কৰি যথেষ্ট উৎফুল্লিত হৈ পৰিছে অনুৰাগী ফাৰুক খান । উল্লেখযোগ্য যে প্ৰায় চাৰি বছৰৰ মুৰত বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানে পুনৰ ৰূপালী পৰ্দাত ভুমুকি মাৰিবলৈ ওলাইছে ।