বকো, 31 আগষ্ট :মেঘালয়ে যেন নিবিচাৰে বহু বিতৰ্কিত অসম-মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ সমাধান হোৱা । দুই ৰাজ্যৰ মাজত কেইবালানি বৈঠক অনুষ্ঠিত হৈ যোৱাৰ পিছতো অসমৰ ভূমিত গোপনে মেঘালয়ে নিৰ্মাণ কাৰ্য চলাই যোৱা পৰিলক্ষিত হৈছে । এইবাৰ মেঘালয়ে টাৰ্গেট কৰি লৈছে প্ৰাকৃতিক সৌন্দৰ্যৰে সুশোভিত বকোৰ মনোমোহা জলপ্ৰপাত হঁহুৱা ।
মেঘালয়ে হয়টো ঐতিহাসিক অথবা সাংবিধানিকভাৱেও সীমা সমস্যা সমাধান হোৱাটো বিচৰা নাই । যাৰ বাবে হয়তো অসমৰ ভূমি দখলৰ চক্ৰান্ত অব্যাহত ৰাখিছে মেঘালয় প্ৰশাসনে । অসমৰ চিৰসেউজ ভূ-খণ্ড লাম্পী সহিতে বকোৰ মালাঙৰ মনোমোহা জলপ্ৰপাত 'হঁহুৱা' দখলৰ চক্ৰান্ত কৰিছে এইবাৰ মেঘালয়ে । মেঘালয়ে গোপনে অংশ অংশকৈ নিৰ্মাণ কৰিছে অসমৰ সৰ্ববৃহৎ জলপ্ৰপাত হিচাপে পৰিগণিত হঁহুৱালৈ যোৱা পথৰ কাম ।