অসম

assam

ETV Bharat / state

দৰমহা বঞ্চিত শিক্ষকৰ মৰ্মবেদনাঃ পথৰ কাষত চৰবত বিক্ৰি কৰি জীৱন নিৰ্বাহ - শিক্ষক দিৱস

আজি পবিত্ৰ শিক্ষক দিৱস | চৰকাৰে ৰঙীণ প্ৰচাৰেৰে চমকিত কৰি পালন কৰিছে এই দিৱস | কিন্তু শিক্ষক দিৱসৰ দিনটোতে চৰকাৰৰ দ্বাৰা উপেক্ষিত হৈছে এজন শিক্ষক |

পথৰ কাষত চৰবত বিক্ৰি কৰি জীৱন নিৰ্বাহ

By

Published : Sep 5, 2019, 8:28 PM IST

শিৱসাগৰ,5ছেপ্টেম্বৰঃ বৃহস্পতিবাৰে দেশজুৰি পালন হৈছে পবিত্ৰ শিক্ষক দিৱস | কিন্তু এই দিনটোতো যেন চৰকাৰৰ দ্বাৰা উপক্ষিত হৈ ৰৈছে শিৱসাগৰৰ এগৰাকী শিক্ষক ৷ শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰ গদাধৰ নগৰৰ বাসিন্দা মৃদুল বৰা কাগজে কলমে এগৰাকী শিক্ষক | কিন্তু তেওঁ পথৰ কাষত চৰবত বিক্ৰী কৰি পৰিয়াল পোহপাল দিবলগীয়া হয় | কাৰণ সুদীৰ্ঘ বছৰ লোকজন বঞ্চিত হৈ আহিছে প্ৰাপ্য দৰমহাৰ পৰা | জিলাখনৰ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত ৰূপহীবিল বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক এইগৰাকী লোক | শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিৰ সৈতে জড়িত থাকিলেও চৰকাৰী বঞ্চনাৰ বলি হৈ জীৱন নিৰ্বাহৰ বাবে ল'বলগীয়া হৈছে এই সুকীয়া পথ | আনহাতে শিক্ষকৰ মাজৰে মৃদুল বৰাই ঘৰ চলাবলৈ বিদ্যালয়ে বিদ্যালয়ে বিক্ৰী কৰে কিতাপ ৷

পথৰ কাষত চৰবত বিক্ৰি কৰি জীৱন নিৰ্বাহ

ABOUT THE AUTHOR

...view details