আমগুৰি, 12 মাৰ্চ: বৃহস্পতিবাৰে নিশা আমগুৰিত আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায় ৷ আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা এই অভিযানত আমগুৰিৰ দেওৰজাৰ ৰঞ্জন গগৈ নামৰ লোকজনৰ বাসগৃহৰ পৰা মাটিৰ তলত ড্ৰামত গেলাই ৰখা দহ হাজাৰৰো অধিক চুলাইৰ পাচ জব্দ কৰা হয় ৷
আমগুৰিত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান - আমগুৰিত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
বৃহস্পতিবাৰে নিশা আমগুৰিত আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায় ৷ আমগুৰিৰ দেওৰজাৰ ৰঞ্জন গগৈ নামৰ লোকজনৰ বাসগৃহৰ পৰা মাটিৰ তলত ড্ৰামত গেলাই ৰখা দহ হাজাৰৰো অধিক চুলাইৰ পাচ জব্দ কৰা হয় ৷

আমগুৰিত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
আমগুৰিত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি দেওৰজা, মানটনীয়া, জেহেনীয়া, কমাৰচুক, চামগুৰি আদি অঞ্চলত দীৰ্ঘদিন ধৰি বহু পৰিয়ালে চুলাই ঘাটি বহুৱাই ব্যৱসায় চলাই আহিছিল ৷ এইক্ষেত্ৰত আমগুৰি আবকাৰী বিভাগে চুলাই ঘাটিসমূহ উচ্চেদৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাত আমগুৰি আৰক্ষীয়ে নিজাববীয়া অভিযান আৰম্ভ কৰিছে । আমগুৰি আৰক্ষীৰ এনে পদক্ষেপক সচেতন মহলে আদৰণি জনাইছে ৷