আজাৰা,4 নৱেম্বৰ:বুধবাৰেইজৰাইলৰ ৰাষ্ট্ৰদূত ড৹ ৰণ মালকাই পৰিদৰ্শন কৰে বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাস্থিত টেক চিটি চৌহদ। ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে এই কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি তথা জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, পশ্চিম গুৱাহাটীৰ বিধায়ক তথা এমট্ৰ’নৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা। ৰাষ্ট্ৰদূত গৰাকীয়ে টেক চিটি চৌহদত উপস্থিত হৈ অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু ৱাটাৰ ৰিচ’ৰ্ছ বিভাগৰ সৈতে এক আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত অসমক ইজৰাইলে সকলো ধৰণৰ কাৰিকৰী দিশতে সহায় কৰাৰ আশ্বাস প্ৰদান কৰে ৷ লগতে বিভাগটোৰ কিছুসংখ্যক বিষয়াক ইজৰাইললৈ নিমন্ত্ৰণ জনাইছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী কেশৱ মহন্তই ।
টেক চিটি পৰিদৰ্শন ইজৰাইলৰ ৰাষ্ট্ৰদূতৰ - টেক চিটি
ইজৰাইলৰ ৰাষ্ট্ৰদূত ড° ৰণ মালকাই বুধবাৰে পৰিদৰ্শন কৰে বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাস্থিত টেক চিটি চৌহদ । ৰাষ্ট্ৰদূত গৰাকীয়ে টেক চিটি চৌহদত উপস্থিত হৈ অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু ৱাটাৰ ৰিচ’ৰ্ছ বিভাগৰ সৈতে এক আলোচনাত মিলিত হয় ।

উল্লেখ্য যে, দক্ষিণ কামৰূপৰ বঙৰাৰ টেক চিটিত চৌদি আৰৱ, আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ আফ্ৰিকা আদিকে ধৰি বিভিন্ন দেশে বিনিয়োগ কৰিব। এই টেক চিটিত তৈয়াৰ হ'ব LED লাইট, সৌৰ শক্তিৰ লগতে জড়িত সামগ্ৰীৰ লগতে আন বহুতো বস্তু ৷ প্ৰায় 300 বিঘা মাটিত নিৰ্মাণ হ’বলগীয়া তথ্য প্ৰযুক্তি সমৃদ্ধ এই বৃহৎ টেক চিটিলৈ আহিব বিভিন্ন ৰাষ্ট্ৰৰ বিভিন্ন কোম্পানী, নিৰ্মাণ কৰিব নামী-দামী বহু ম’বাইল, লেপটপৰ দৰে অন্যান্য সামগ্ৰী ৷ প্ৰায় 119.89 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই টেক চিটিত সংস্থাপন লাভ কৰিব 8000 নিবনুৱাই ।
লগতে চাওকঃচাৰি দশকত শীৰ্ষ আদালতত সম্পন্ন ধৰ্ষণ আৰু হত্যাৰ 67 গোচৰৰ ৰায়দান