গুৱাহাটী, 30 ছেপ্টেম্বৰ : মহানগৰীৰ শংকৰ নগৰস্থিত কণিকা এপাৰ্টমেণ্টত ড্ৰাগছৰ বেহা চলা কথা অস্বীকাৰ কৰিছে কণিকা এপাৰ্টমেণ্ট হাউছিং ছ'চাইটিয়ে ৷ গুৱাহাটীৰ নাৰেংগীস্থিত পূব গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত ছ'চাইটিৰ সভাপতি চন্দ্ৰকান্ত দাসে কয় যে, কণিকা এপাৰ্টমেণ্টৰ A-৫ ৰ বাসিন্দা বুদ্ধেশ্বৰী শইকীয়া নামৰ মহিলা আবাসী গৰাকীয়ে দীৰ্ঘদিন ধৰি এপাৰ্টমেণ্টৰ 19 জনীয়া পৰিয়ালটোক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰি আহিছে ৷
সংবাদ মেলত কণিকা এপাৰ্টমেণ্টত বৰ্তমান কোনো ধৰণৰ অসামাজিক কাৰ্যকলাপ আৰু ড্ৰাগছ ব্যৱসায় চলা নাই বুলি ছ'চাইটিৰ সভাপতি গৰাকীয়ে স্পষ্ট কৰি দিয়ে ৷ তেওঁ লগতে কয় যে, এই মহিলা আবাসী গৰাকী আচলতে এগৰাকী বিতৰ্কিত, নিচ মনোবৃত্তি ঈৰ্ষা পৰায়ন আৰু বিকৃত মানসিকতাৰ অসামাজিক মহিলা ৷ তদুপৰি এই বিতৰ্কিত মহিলা গৰাকীয়ে এপাৰ্টমেণ্টৰ বিভিন্ন আবাসী, নিৰাপত্তাৰক্ষী আদিক বিভিন্ন সময়ত অভব্য আচৰণ কৰি অহাৰ অভিযোগ উত্থাপন কৰে ছ'চাইটিৰ সভাপতি চন্দ্ৰকান্ত দাসে ৷