অসম

assam

ETV Bharat / state

এজাক বৰষুণতে খহিল উদ্বোধন নোহোৱা দলঙৰ দুয়োটা মূৰ - ভৱেশ কলিতা

ৰঙিয়াৰ মধুকুছিত পুঠিমাৰী নৈৰ ওপৰত থকা দলঙখন উদ্বোধন নহওতেই দুয়োটা মূৰ চপৰা চপৰে খহি পৰাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে নিৰ্মাণ কাৰ্যতো যথেষ্ট অনিয়ম হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷

rangia bridge
ৰঙিয়াত এজাক বৰষুণতে খহিল উদ্বোধন নোহোৱা দলঙৰ দুয়োটা মুৰ

By

Published : Jun 14, 2021, 1:20 PM IST

ৰঙিয়া, 14 জুন : এজাক বৰষুণৰ পিছতেই ৰঙিয়াত উদ্বোধন নোহোৱা এখন দলঙৰ খহিল দুয়োটা মূৰ । ৰঙিয়াৰ মধুকুছিত পুঠিমাৰী নৈৰ ওপৰত থকা দলঙখনৰ মুকলি নহওতেই চপৰা চপৰে খহিছে ৷ ১২ কোটি ৪৩ লাখ টকীয়া দলঙখন গাৰ্ড ৱালৰ পৰিৱৰ্তে মাটি আৰু বালিৰ ওপৰত ধালাই কৰি ঠিকাদাৰে দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে ৷

ৰঙিয়াত এজাক বৰষুণতে খহিল উদ্বোধন নোহোৱা দলঙৰ দুয়োটা মুৰ

ইয়াৰোপৰি দলং নিৰ্মাণত অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰিছে যাৰবাবে নৱ নিৰ্মাণ দলঙখনৰ দুয়োটা মূৰ জহি-খহি গৈছে । ইয়াৰ উপৰিও দলঙৰ পৰা নামি যোৱা পথচোৱা নিৰ্মাণতো যথেষ্ট অনিয়ম হোৱা বুলি অভিযোগ উত্থাপন হৈছে । পথচোৱাৰ দুয়োটা পাৰ সমানকৈ বনোৱাৰ সলনি একেবাৰে সৰু কৰি পেলোৱা হৈছে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ।

বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়ক ভৱেশ কলিতা (Bhabesh Kalita)ক দলং নিৰ্মাণত হোৱা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ ৰাইজৰ । আনহাতে, স্থানীয় ৰাইজে কৰা আৰটিআই (RTI)ৰ উত্তৰো এমাহ পাৰ হৈ যোৱাৰ পিছতো নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে । বিভাগটোত বহুবাৰ অভিযোগ দাখিল কৰাৰ পিছতো ঠিকাদাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি কয় স্থানীয় ৰাইজে ।

লগতে পঢ়ক : হাতী-মানুহৰ সংঘাত: গোলাঘাটত নিহত মাতৃ-পুত্ৰ

ABOUT THE AUTHOR

...view details