ৰঙিয়া, 8 ছেপ্টেম্বৰ : ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ গৃহ সমষ্টি ৰঙিয়াত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ পথ মুকলিৰ এমাহ নহওতেই কৰবাত যদি পথটো বহি গৈছে, আন কৰবাত আকৌ পথটোৰ ঠায়ে বৃহৎ বৃহৎ ফাঁট মেলিছে ৷ 77 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বিগত 13 আগষ্টত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই শুভ উদ্বোধন কৰিছিল পথটোৰ ৷
পথটো বহলিকৰণ কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত অটল পথ নামেৰে নামাকৰণ কৰা হৈছিল পথটো ৷ বহু জল্পনা-কল্পনাৰ অন্তত ৰাইজে গুৰুত্বপূৰ্ণ পথটো লাভ কৰাত সন্তোষ প্ৰকাশ কৰিছিল ৷ কিন্তু পথ মুকলিৰ এমাহ নহওতেই পথটোত বৃহৎ বৃহৎ ফাঁট মেলি বহি গৈছে ৷ মুকলিৰ এমাহ নহওতেই ৰঙিয়া নগৰৰ 4 নং ৱাৰ্ডৰ ৰঙিয়া আৰ ডি ৰোড-2 নং পুলিচ পইণ্ট সংলগ্ন হৈ ৰঙিয়া আৰক্ষী থানালৈ যোৱা উপ পথটোৰ এতিয়া এই অৱস্থা ৷ ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকা আৰু ৰাইজৰ অভিযোগ কেইবা লাখ টকীয়া পথটো নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷