অসম

assam

By

Published : Jul 22, 2022, 1:02 PM IST

ETV Bharat / state

Corruption in flood relief distribution: ৰঙিয়াত প্ৰতিবাদত নামিল শতাধিক মহিলা

ৰাজ্যত বান শুকাইছে যদিও গৰাখহনীয়াত ঘৰ-বাৰী উটি যোৱা নৈপৰীয়া ৰাইজে এতিয়াও চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ(Allegation of corruption in Flood relief in Rangia) ৷ সমান্তৰালকৈ ৰঙিয়াত বান সাহায্য প্ৰদানত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদত নামিল স্থানীয় একাংশ মহিলা ৷

allegation-of-corruption-in-flood-relief-in-rangia
ৰঙিয়াত প্ৰতিবাদত নামিল শতাধিক মহিলা

ৰঙিয়া, 22 জুলাই :বছৰটোৰ দ্বিতীয়টো বানে বাৰুকৈ ক্ষতিগ্ৰস্থ কৰিছে ৰাজ্যবাসীক ৷ বহুলোকৰ ঘৰ-বাৰী, শস্য-পথাৰ ক্ষতি হোৱাৰ লগতে মৃত্যু হৈছে বহুলোকৰ (Flood in Assam 2022)৷ উল্লেখনীয় যে, বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে নৈপৰীয়া ৰাইজ ৷ বৰ্তমান ৰাজ্যত বান শুকাইছে যদিও গৰাখহনীয়াত ঘৰ-বাৰী উটি যোৱা বহু নৈপৰীয়া ৰাইজ চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে ৷

ৰঙিয়াত প্ৰতিবাদত নামিল শতাধিক মহিলা

শেহতীয়াকৈ, ৰঙিয়াৰ মাহতলিত এককালীন বান সাহায্যৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ(Allegation of corruption in Flood relief in Rangia)উত্থাপিত হৈছে ৷

বানত ক্ষতিগ্ৰস্ত লোকৰ পৰিবৰ্তে বান সাহাৰ্য লাভ কৰিছে বানৰ প্ৰভাৱ নপৰা অঞ্চলৰ বিজেপি নেতাৰ অঙহী-বঙহীয়ে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ ফোনযোগে অভিযোগ দিছে ৰাইজে ৷

ন্যায় বিচাৰি এতিয়া ৰাজপথলৈ ওলাই আহিল স্থানীয় একাংশ মহিলা । ক্ষুব্ধ মহিলাসকলে বৈদ্যগড় গাঁও পঞ্চায়তৰ গাঁওবুঢ়া আৰু একাংশ বিজেপি নেতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । বৰ্তমান বান বিধ্বস্ত লোকসকলক বান সাহায্যৰ পৰা বঞ্চিত নকৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে ৰাইজে । বানৰ প্ৰভাৱ নপৰা অঞ্চলৰ বিজেপি নেতাৰ অঙহী-বঙহীয়ে এককালীন বান সাহায্য লাভ কৰাৰ ওপৰত উচিত তদন্ত কৰক কৰাৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদান কৰক দাবী কৰিছে ৰঙিয়াবাসী ৰাইজে ৷

লগতে পঢ়ক :নলবাৰীত ৰেড ক্ৰছ চ'ছাইটিৰ বান সাহায্য বিতৰণ

ABOUT THE AUTHOR

...view details