ৰঙিয়া, 21 অক্টোবৰ : দুৰ্নীতি...তাৰ ওপৰতে আকৌ চুৰিকাণ্ড ! চৰকাৰী আঁচনিৰ কামত সংঘটিত হৈছে এই বেমেজালি ৷ ৰঙিয়াৰ দ্বাৰকুছিত জলসিঞ্চন আঁচনি(Irrigation Scheme) নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি(Corruption) সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ কিয়নো নিৰ্মাণৰ পূৰ্বেই জহি-খহি যাবলৈ ধৰিছে ৰঙিয়া জলসিঞ্চন সংমণ্ডলৰ অধীনৰ সৌৰশক্তি চালিত দ্বাৰকুছি মধ্যম গভীৰ নলীনাদ জলসিঞ্চন আঁচনিখন ।
অভিযোগ অনুসৰি, দৰিদ্ৰ খেতিয়কৰ স্বাৰ্থত নিৰ্মাণ কৰা জলসিঞ্চন আঁচনিখনৰ দ্বাৰা খেতিয়কৰ পৰিৱৰ্তে লাভৱান হৈছে দুৰ্নীতি পৰায়ণ ঠিকাদাৰ । নিম্ন মানদণ্ডৰ সামগ্ৰীৰে চলিছে দ্বাৰকুছি জলসিঞ্চন আঁচনিৰ কাম । আনকি লোৰ গেটখনো সঠিকভাৱে নিৰ্মাণ কৰা হোৱা নাই । এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক স্থানীয় লোকসকলে অভিযোগ দিয়াৰ পাচতো জলসিঞ্চন বিভাগে(Irrigation Department) কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।
উল্লেখ্য যে, বৃহত্তৰ দ্বাৰকুছিঅঞ্চলৰ খেতিয়কসকলৰ সুবিধাৰ্থে 26 লাখ 66 হাজাৰ 250 টকীয়া জলসিঞ্চন আঁচনিখন ৰূপায়ণ কৰা হৈছিল । কিন্তু আঁচনিখনৰ পৰা আজিলৈকে কৃষকসকলে এটোপালো পানী পাবলৈ সক্ষম নহ’ল । যাৰ ফলস্বৰূপে ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ খেতিয়কসকল ।