অসম

assam

ETV Bharat / state

Rangia News: ৰঙিয়াত নিম্নমানৰ নিৰ্মাণকাৰ্য চলোৱাৰ অভিযোগ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে - Allegation against NHAI for Poor Construction

নিৰ্মাণ কৰাৰ এমাহ সম্পূৰ্ণ নহওঁতেই ফাট মেলিছে ৰঙিয়াৰ হাইৱে' ছোচাইটি চকত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত নিৰ্মাণ কৰি থকা নলাত ৷ নেৰানেপেৰা বৰষুণৰ ফলত নলা নিৰ্মাণৰ সমীপত সৃষ্টি হোৱা উন্মুক্ত প্ৰকাণ্ড গাঁতসমূহ পানীৰে ভৰি পৰাৰ ফলত যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখা দিছে ৷

Allegation against NHAI
নিম্নমানৰ নিৰ্মাণকাৰ্যৰ বিৰুদ্ধে সৰৱ আছু

By

Published : Jun 16, 2023, 10:02 PM IST

নিম্নমানৰ নিৰ্মাণকাৰ্য চলোৱাৰ অভিযোগ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে

ৰঙিয়া, 16 জুন: নিৰ্মাণ কৰাৰ এমাহ সম্পূৰ্ণ নহওঁতেই ফাট মেলিছে ৰঙিয়াৰ হাইৱে' ছোচাইটি চকত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত নিৰ্মাণ কৰি থকা নলাত ৷ নিৰ্মাণ কৰাৰ এমাহ সম্পূৰ্ণ নহওঁতেই নলা সমুহ হালি পৰাৰ লগতে নলাৰ বেৰত ফাট মেলিছে ৷ ইয়াৰ উপৰিও যোৱা কিছু দিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নলা নিৰ্মাণৰ সমীপত সৃষ্টি হোৱা উন্মুক্ত প্ৰকাণ্ড গাঁত সমূহ পানীৰে ভৰি পৰাৰ ফলত যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখা দিছে ৷

এই বিষয়টোক লৈ সৰৱ হৈ পৰিছে আছু ৷ শুক্ৰবাৰে ছাত্ৰ সন্থাৰ এটা সঁজাতি দলে নলাসমূহৰ নিৰ্মীয়মান স্থলী পৰিদৰ্শন কৰি নলা নিৰ্মাণৰ ক্ষেত্ৰত নিম্নমানৰ কামৰ লগতে দায়িত্বহীন কাণ্ডৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৷ অঞ্চলটো পৰিদৰ্শন কৰি আছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ধৰ্মেশ্বৰ দাসে নিৰ্মাণ কাৰ্যৰ দুৰ্বল কাৰিকৰী দিশৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে ৷ তেওঁ কয় যে উৰণ সেতুৰ সমীপতে থকা নলা সমূহ নিৰ্মাণ কাৰ্য সমাপ্ত হোৱাৰ পিছত নলা হৈ নাথাকি ৰাস্তাৰ সৈতে মিলি যাব ৷

নিৰ্মাণৰ এমাহ সম্পূৰ্ণ নৌহওতেই বৰষুণৰ প্ৰভাৱত যদি নলাৰ বেৰ সমূহ হালি পৰে বা বেৰত ফাট মেলে , তেতিয়াহলে ভৱিষ্যতে এই নলাসমূহে গাড়ীৰ ওজন কেনেকৈ সহ্য কৰিব বুলি প্ৰশ্ন কৰে আছু নেতাজনে ৷ আছুৰ নেতা গৰাকীয়ে সেয়েহে শীঘ্ৰেই বিজ্ঞানসন্মত পদ্ধতিৰে পানী নিষ্কাশনৰ বাবে সঠিকভাৱে নলা নিৰ্মাণৰ লগতে পানী ভৰ্তি প্ৰকাণ্ড গাঁত সমূহৰ ওচৰত সাংকেতিক চিহ্ন ব্যৱহাৰ কৰাৰ দাবী উত্থাপন কৰে ৷

আনহাতে জিলা আছুৰ উপদেষ্টা হেমন্ত দাসে কয় যে উন্মুক্ত অৱস্থাত থকা ঠায়ে ঠায়ে পাঁচ ফুটৰ পৰা ন' ফুট পৰ্যন্ত দ গাঁত সমূহৰ বাবে যদি ভৱিষ্যতে কোনো দুৰ্ঘটনা সংঘটিত হয় বা কোনো লোক মৃত্যু মুখত পৰে তেন্তে তাৰ বাবে কৰ্তৃপক্ষ দায়ী হ’ব ৷ পৰিদৰ্শনৰ সময়ত দলটোত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ আন কেইবাগৰাকীও সদস্য উপস্থিত থাকে ৷

লগতে পঢ়ক:Anger against NHAI: মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো বুঢ়া আঙুলি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু যোৰহাট প্ৰশাসনৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details