ৰঙিয়া,২০ মাৰ্চ:পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে নাগাৰা নাম পৰিৱেশন কৰা কৰিশ্মা নাথ(Karishma Nath Controversy) । নাগাৰা নাম সংঘৰ বিৰুদ্ধে কৰিশ্মা নাথে বিকৃত মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম নাগাৰা নাম সংঘই । সংঘৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰি পাঠকৰ সৈতে নাম পৰিৱেশন নকৰাৰ সিদ্ধান্ত সদৌ অসম নাগাৰা নাম সংঘৰ । সদৌ অসম নাগাৰা নাম সংঘৰ সম্পাদক নিপন দত্ত কলিতাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে এই স্থিতি(All Assam Nagara Naam Sangha on Karishma Nath controversy) ।
সদৌ অসম নাগাৰা নাম সংঘই অন্য পাঠকৰ ক্ষেত্ৰত নৰম স্থিতি আৰু কৰিশ্মা নাথৰ বিৰুদ্ধে আক্ৰোষমূলকভাৱে স্থিতি লোৱা নাই বুলিও উল্লেখ কৰে সম্পাদকগৰাকীয়ে । প্ৰথমৱস্থাত সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত প্ৰচাৰ হোৱা নাছিল কিন্তু এইবাৰ কৰিশ্মা নাথৰ ক্ষেত্ৰত ব্যাপকভাৱে প্ৰচাৰ হোৱা বাবে বেছিকৈ বিতৰ্ক হৈছে । কৰিশ্মা নাথক এঘৰীয়া অথবা বহিষ্কাৰ কৰা হোৱা নাই বুলিও স্পষ্ট কৰে সদৌ অসম নাগাৰা নাম সংঘৰ সম্পাদক নিপন দত্ত কলিতাই(Nagara Nam Controversy) ।