ৰঙিয়া, 5 অক্টোবৰঃ শাসনাধিস্থ বিজেপি চৰকাৰে দেশৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমূহ এপদ এপদকৈ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ প্ৰতিবাদত সোমবাৰে উত্তাল হৈ পৰিল ৰঙিয়া ৷ শেহতীয়াভাৱে শক্তি বিভাগক ব্যক্তিগত খণ্ডৰ হাতত গতোৱাৰ যো-জা চলোৱাত জাঙুৰ খাই উঠিছে APDCL ৰ কৰ্মচাৰীসকল। ৰঙিয়াৰ বিদ্যুত উপসংমণ্ডল ২ ৰ কাৰ্যালয়ৰ সন্মুখত শক্তি বিভাগৰ কৰ্মচাৰীসকলে অৱস্থান ধৰ্মঘট পালন কৰে। ইয়াৰ পিচতে ৰঙিয়া চহৰৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়াই । প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে-কাৰ্ড, বেনাৰ লৈ চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।
পশ্চিম বিলাসীপাৰাঃশক্তি বিভাগক ব্যক্তিগতকৰণ কৰাৰ প্ৰতিবাদত উত্তাল হৈ পৰিল বিলাসীপাৰা ৷ নিখিল ভাৰত বিদ্যুৎ কৰ্মচাৰী মহাসংঘৰ আহ্বানত আছাম ষ্টেট পাৱাৰ ৱ'কাৰ্চ ইউনিয়ন বিলাসীপাৰা শাখাই দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷ বিলাসীপাৰা বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্লোগানেৰে পালন কৰে ধৰ্ণা কাৰ্যসূচী ৷ শক্তি বিতৰণ প্ৰতিস্থান সমূহৰ ব্যক্তিগতকৰণ আৰু কৰ্মচাৰীৰ সমস্যা সমাধানৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ৷
দৰংঃঅসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধীনৰ মঙলদৈ সংমণ্ডলৰ কৰ্মচাৰী সকলে বিদ্যুৎ বিল-২০২০ বিৰোধিতাৰে কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী পালন কৰিলে ৷ সৰ্বভাৰতীয় বিদ্যুৎ পৰিষদৰ আহ্বানত পালন কৰা এই প্ৰতিবাদৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰলৈ বিদ্যুত বিল ২০২০ বাতিল কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীয়ে ৷