কামৰূপ,13 মাৰ্চঃকামৰূপ জিলাৰ বিভিন্ন প্ৰান্তত শেহতীয়াভাৱে ৰাজহ ফাঁকিৰে নদীৰ বালি মাটি,পাহাৰৰ ৰঙা মাটি কাটি ত্ৰাসৰ সৃষ্টি কৰিছে যদিও এই ক্ষেত্ৰত সম্পূৰ্ণ নিৰ্লিপ্ত ভূমিকা পালন কৰিছে কামৰূপ জিলা প্ৰশাসনে । প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰা আৰু ডাম্পাৰৰ দৌৰাত্ম্য সন্দৰ্ভত সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হৈছে যদিও এই ক্ষেত্ৰত বিভাগীয় কৰ্পতৃক্ষই কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । সেয়ে শুকুৰবাৰে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা উপায়ুক্ত জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ। সন্থাৰ এটি সজাতি দলে কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যক সাক্ষাৎ কৰি জিলাখনৰ গুৰুতৰ সমস্যাটো সমাধানৰ বাবে প্ৰৱল দাবী উত্থাপন কৰে । সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাজ্যিক সভাপতি বিৰাজ কুমাৰ তালুকদাৰ নেতৃত্বত অহা সজাতি দলটোৱে জিলা উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰী আৰু বনমন্ত্ৰীলৈও গুৰুতৰ সমস্যাটো সমাধানৰ অৰ্থে এক স্মাৰক পত্ৰ প্ৰদান কৰে । চাংসাৰী পাহাৰ,ব্ৰহ্মপুত্ৰৰ বালি আদিত এচাম অসাধু মাফিয়া চক্ৰই অবৈধভাৱে বালি মাটি আৰু পাহাৰৰ মাটি খনন চলাই থকাৰ ফলত জিলাখনলৈ গভীৰ সংকট নামি আহিছে । মাটি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য বৃদ্ধি পোৱাত সৰ্বসাধাৰণ ৰাইজৰ জীৱন অতিষ্ঠ হৈ পৰিছে । ইতিমধ্যে ডাম্পাৰ সমূহ তীব্ৰ গতিত চলোৱাৰ ফলত সংঘটিত কেইবাটাও দুৰ্ঘটনাত মৃত্যু হৈছে বহু লোকৰ । এই ক্ষেত্ৰত শীঘ্ৰে কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে ৰাইজৰ সহযোগত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰে নেতা গৰাকীয়ে ।
চাংসাৰী পাহাৰত অবৈধ খনন বন্ধৰ দাবীঃ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ - চাংসাৰী পাহাৰত অবৈধ খনন বন্ধৰ দাবীঃ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ
সেউজ পাহাৰৰ অবৈধ খনন বন্ধৰ দাবীত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা উপায়ুক্ত জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ।
সেউজ পাহাৰৰ অবৈধ খনন বন্ধৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ