গুৱাহাটী, ২৩ অক্টোবৰ: ৰাজ্যসভাৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ পৱিত্ৰ মাৰ্ঘেৰিটাক ‘তুচ্ছ-তাচ্ছিল্য’ৰ ৰাজনীতি এৰি সাংসদৰ দায়িত্বত মনোনোৱেশ কৰিবলৈ আহ্বান জনাইছে অসম জাতীয় পৰিষদে (AJP criticised MP Pabitra Margherita) ৷ দেওবাৰে এখন সংবাদমেলত জাতীয় পৰিষদৰ (Press meet of AJP at Guwahati) সম্পাদক ৰাজু ফুকন আৰু প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে কয় যে এ আই ইউ ডি এফৰ ভোটেৰে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা আৰু নিজৰ উপাধিটোকে লিখিবলৈ সাহস নথকা নেতাই অসমীয়া ৰাইজৰ হৈ সংসদত মাত মাতিব নোৱৰাটো স্বাভাৱিক কথা ৷ সাংসদ মাৰ্ঘেৰিটাৰ সাংসদ হিচাপে প্ৰদৰ্শন শূন্য ৷
প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে পুনৰ কয় যে সাংসদ হিচাপে নিৰ্বাচিত হৈ যোৱাৰ পিছত তেওঁ এতিয়ালৈ সংসদত এটাও প্ৰশ্ন উত্থাপন কৰিব পৰা নাই, এটাও বিতর্কত ভাগ ল'ব পৰা নাই ৷ আনকি সাংসদ এলেকা উন্নয়ন পুঁজি ক’ত খৰচ কৰিছে তাৰো একো তথ্য ৰাজহুৱা হোৱা নাই বুলি তেওঁলোকে কটাক্ষ কৰি কয় যে ৰাজ্যসভাৰ সাংসদ হিচাপে অসমবাসী ৰাইজৰ সমস্যা তথা মনৰ কথা সংসদত উত্থাপন কৰাটো তেওঁৰ মূল দায়িত্ব ৷ কিন্তু তাকে নকৰি তেওঁ অন্য ৰাজনৈতিক দলক তুচ্ছ-তাচ্ছিল্য কৰি মূল্যবোধহীন ৰাজনীতিকৰ পৰিচয় দি আহিছে ৷ গতিকে তেওঁ সাংসদ হিচাপে নিজৰ ওপৰত অৰ্পিত দায়িত্ব সুচাৰুৰূপে পালন কৰাত মনোনিৱেশ কৰা উচিত ৷