ৰঙিয়া,17 মাৰ্চ: ৰঙিয়াত অসম জাতীয় পৰিষদে ভোটাৰক আকৰ্ষিত কৰিবলৈ লৈছে ন ন কৌশল । দোকানে দোকানে প্ৰচাৰ চলাইছে ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ডাঃ বাবুল চহৰীয়াই । শতাধিক লোকৰ পৰিৱৰ্তে কিছুসংখ্যক লোকক লগত লৈ পদপথৰ লোকসকলৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত ব্যতিক্ৰমী প্ৰচাৰ চলাইছে প্ৰাৰ্থী গৰাকীয়ে ।
দোকানে দোকানে প্ৰচাৰ ৰঙিয়াৰ ডাঃ বাবুল চহৰীয়াৰ - বিজেপিয়ে গাড়ী-ঘোঁৰা লৈ ওপৰে ওপৰে ঘুৰি ফুৰিছে
ৰঙিয়াত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ ৷ দোকানে দোকানে প্ৰচাৰ ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ডাঃ বাবুল চহৰীয়াৰ ৷

দোকানে দোকানে প্ৰচাৰ ৰঙিয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ডাঃ বাবুল চহৰীয়াৰ
ৰঙিয়াত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ
কৰবাত যদি নিজৰ পৰিচয় দি ভোট ভিক্ষা কৰিছে, আন কৰবাত আকৌ বিজেপি আৰু বৰ্তমানৰ ৰঙিয়াৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাক তীব্ৰ সমালোচনা কৰিছে ডাঃ বাবুল চহৰীয়াই । অসম জাতীয় পৰিষদৰ জয় নিশ্চিত বুলি মন্তব্য কৰে চহৰীয়াই । "বিজেপিয়ে বাস্তৱতাক অস্বীকাৰ কৰি লৈছে । অসম জাতীয় পৰিষদৰ বাস্তৱতাক দেখা নাই । কিয়নো বিজেপিয়ে গাড়ী-ঘোঁৰা লৈ ওপৰে ওপৰে ঘুৰি ফুৰিছে । সেয়ে তেওঁলোকে বাস্তৱতাক দেখা নোপোৱাটো স্বাভাৱিক " বুলি বিজেপিক কটাক্ষ কৰে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী গৰাকীয়ে ৷