বকো,19 মাৰ্চ : মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰিলে অসম জাতীয় পৰিষদৰ বকো সমষ্টিৰ প্ৰাৰ্থী দীপজ্যোতি দাসে । শুকুৰবাৰে কামৰূপ জিলা নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰাৰ্থী গৰাকীয়ে ৷
প্ৰাৰ্থী দীপজ্যোতি দাসৰ অভিযোগ অনুসৰি, বিয়লি 3 বজাৰ পূৰ্বে জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত প্ৰৱেশ কৰাৰ পাচতো মনোনয়ন পত্ৰ গ্ৰহণ নকৰিলে বকো সমষ্টিৰ ৰিটাৰ্নীং বিষয়া কান্তা দাসে । ইফালে ৰাজপথৰ যান-জঁটৰ বাবে মূৰামূৰী সময়ত উপস্থিত হৈছিল প্ৰাৰ্থী গৰাকীয়ে ৷