দক্ষিণ কামৰূপ, 7 ছেপ্টেম্বৰঃ দেশৰ ৬টাকৈ লাভজনক বিমান বন্দৰৰ লগতে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তজাৰ্তিক বিমান বন্দৰ ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে Airport Authority Employees Union ৷
দেশৰ বিমান বন্দৰ ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়াৰ সিদ্ধান্তৰ বিৰোধিতা
কেন্দ্ৰীয় চৰকাৰে দেশৰ ৬ খন বিমান বন্দৰৰ লগতে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তজাৰ্তিক বিমান বন্দৰকো ব্যক্তিগতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে Airport Authority Employees Unionয়ে ।
দেশৰ বিমান বন্দৰ ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়াৰ সিদ্ধান্তৰ বিৰোধিতা
এটা লাভজনক বিমান বন্দৰক ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়াৰ কেন্দ্ৰীয় চৰকাৰে যি পৰিকল্পনা লৈছে সেয়া কোনোপধ্যেই মানি লোৱা নহ'ব বুলি মন্তব্য কৰি উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ আন্তজাৰ্তিক বিমান বন্দৰটো কোনোপদ্ধেই ব্যক্তিগতকৰণ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে Airport Authority Employees Union এ৷ কেন্দ্ৰীয় চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে কৰ্মচাৰীসকলে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদত উত্তাল কৰিলে বিমান বন্দৰৰ চৌহদ ।