আজাৰা,19 আগষ্ট:ৰাজনৈতিক নেতাক ক্ষমতাৰ প্ৰয়োজন ৷ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ে যেন তাকে প্ৰমাণ কৰি দেখুৱাব বিচাৰিছে । পৰৱৰ্তী বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত চলি থকা নিৰ্বাচনী বতাহৰ মাজত ক্ষমতাৰ লালসাত উটি-ভাহি ফুৰিছে এইগৰাকী বিধায়ক ৷ সমষ্টিটোৰ অন্তৰ্গত দলেপাৰা নামৰ এখন গাঁৱত অগপই অনুষ্ঠিত কৰা এক সভাত বিধায়ক গৰাকীয়ে অংশগ্ৰহণ কৰাৰ লগতে নিজ দললৈ আদৰিলে পাঁচশ গৰাকী লোকক ৷ সভাৰ অন্তত সংবাদ মাধ্যমৰে মুখামুখি হৈ বিধায়কগৰাকীয়ে দলৰ স্থিতিক আওকাণ কৰি হাতীৰ ছবিত নিৰ্বাচন খেলিহে এৰিব বুলি একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰে ৷
মই কিন্তু হাতী এৰি নিদিওঁ: ৰমেন্দ্ৰ নাৰায়ণ কলিতা
দলৰ স্থিতি যি হয় হ’ব, মিত্ৰতা য’লৈ যায় যাব, মই কিন্তু হাতী এৰি নিদিওঁ, হাতীৰ ছবিত নিৰ্বাচন খেলিহে এৰিম- এই মন্তব্য প্ৰকাশ কৰিছে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ।
আনহাতে, কণ্ঠশিল্পী বাবুয়ে কংগ্ৰেছত যোগদান কৰি পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ পৰা কলিতাৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি ওলোৱা খবৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বাবু কোনো ফেক্টৰ নহয় বুলি স্পষ্টভাৱে মন্তব্য আগবঢ়াই বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । যি সময়ত ৰাজ্যত কৰ’ণা মহামাৰীৰ বাবে ৰাজনৈতিক সভা, ৰাজহুৱা সভা আদি স্থগিত ৰখাৰ নিৰ্দেশ জাৰি কৰিছে চৰকাৰে ৷ তেনে সময়তে শাসকীয় দলৰ মিত্ৰ দলে কিদৰে ৰাজনৈতিক প্ৰচাৰ চলালে সেই সম্পৰ্কে সচেতন মহলত চৰ্চিত হৈছে ৷
লগতে চাওকঃবকোৰ ৰায়পাৰাত সংঘটিত পথ দুৰ্ঘটনা