দক্ষিণ কামৰূপ,20 ডিচেম্বৰ : ন-সাজেৰে ন-উদ্যমেৰে প্ৰগতিশীল জাতীয়তাবাদৰ লক্ষ্যৰে অসম গণ পৰিষদ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত দেওবাৰে আজাৰাত জাতীয় ঐক্য সমাৰোহৰ আয়োজন কৰে । এই ঐক্য সমৰোহত উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত,সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য,পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰামেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে কল্পনা পাটোৱাৰী । ইয়াৰ উপৰিও প্ৰায় ১০ সহস্ৰধিক লোকে আজিৰ এই জাতীয় ঐক্য সমৰোহত অংশগ্ৰহণ কৰে ।
আজাৰাত অগপৰ বিশাল জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত - অগপৰ সভাপতি অতুল বৰা
অসম গণ পৰিষদ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত দেওবাৰে আজাৰাত জাতীয় ঐক্য সমাৰোহৰ আয়োজন ৷ এই ঐক্য সমৰোহত উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত,সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য,পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰামেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে কল্পনা পাটোৱাৰী ।
‘‘আজিৰ এই সমৰাহৰ জৰিয়তে যেন বুজাই দিলে পশ্চিম গুৱাহাটী সমষ্টিত অগপৰ স্থিতি কি । মই কোনো দিনেই বিজেপিত যোগদান নকৰো । পশ্চিম গুৱাহাটীত হাতীৰ প্রতীকত মই নিৰ্বাচন খেলিম আৰু জয়ী হ’ম । মই জন্মিছো অগপত আৰু মৰিমো অগপতে । মই জীয়াই থকালৈকে আন কোনো দলত নাযাওঁ । মানুহৰ উত্থান দেখিলে এনেধৰণৰ অপপ্ৰচাৰ কৰিব ধৰে । মোৰ মৃত্যুৰ দিনা অগপৰ পতাকা খন মোৰ দেহত উৰাই দিবলৈ অনুৰোধ জনালোঁ ।’’ এই মন্তব্য পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ।
লগতে পঢ়কঃ অজন্তা নেওগৰ বিজেপি লৈ গমনৰ খবৰৰ পাচতে সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট