ৰঙিয়া, 19 অক্টোবৰ :দেশৰ সমান্তৰালকৈ ৰাজ্যত উচ্চহাৰত চলি থকা অত্য়াৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি(Price Hike)ক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপি(BJP) দলৰ মিত্ৰদল অসম গণ পৰিষদ(AGP)ৰ নেতাই ৷ মূল্যবৃদ্ধিক লৈ উদ্বিগ্ন হৈ পৰিছে অগপ ৷ সোমবাৰে ৰঙিয়াত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অগপৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী ডাঃ কমলাকান্ত কলিতা(Kamala Kanta Kalita)ই ৷
ৰাইজৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত চৰকাৰক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় অগপ নেতাগৰাকীয়ে ৷ লগতে ইন্ধনজাতীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ ক্ষেত্ৰত তেওঁ কয় যে, তেলৰ দাম বৃদ্ধিৰ বিষয়টোত ৰাজ্য চৰকাৰৰ কোনো হাত নাই ৷ ইয়াৰ মাজতে সাংবাদিকে ভূটানত পেট্ৰ’লৰ মূল্য ভাৰতৰ তুলনাত আধাতকৈও কম বুলি কোৱা প্ৰসংগত কমলাকান্ত কলিতাই কয় যে, অসমৰ অৱস্থা ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত যথেষ্ট উন্নত । কাৰণ দিল্লী, মুম্বাইৰ দৰে ঠাইত পেট্ৰ’লৰ মূল্য অসমতকৈ 7 টকা বেছি ।