মিৰ্জা, ১ জুলাই :দক্ষিণ কামৰূপত পুনৰ দুগৰাকী লোকৰ দেহত কৰ'ণা পজিটিভ ধৰা পৰিছে । পলাশবাৰী পাৰ্লি নৱাপাৰৰ কৰ'ণাক্ৰান্ত লোকজনৰ নাম প্ৰকাশ কলিতা বুলি জানিব পৰা গৈছে । আক্ৰান্ত লোকজন মালবাহী গাড়ীৰ চালক হিচাপে কৰ্মৰত আছিল । গুৱাহাটীৰ পৰা প্ৰায় আহযাহ কৰিছিল লোকজন । ইতিমধ্যে, লোকজনৰ অঞ্চলৰ পৰা ১০০ মিটাৰ এলেকা প্ৰশাসনে কন্টেইনমেন জ'ন হিচাপে ঘোষণা কৰিছে । লগতে অঞ্চলটোত লোক জনৰ সংস্পৰ্শলৈ অহা লোকক হোম কোৱাৰেন্টাইন কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে ।
দক্ষিণ কামৰূপত পুনৰ কোভিড-১৯ ত আক্ৰান্ত দুগৰাকী লোক - Palasbari
দক্ষিণ কামৰূপত পুনৰ দুগৰাকী লোকৰ দেহত কৰ'ণা পজিটিভৰ ধৰা পৰিছে । পলাশবাৰী পাৰ্লি নৱাপাৰৰ কৰ'ণাক্ৰান্ত লোকজনৰ নামৰ প্ৰকাশ কলিতা বুলি জানিব পৰা গৈছে । আনহাতে, পলাশবাৰীতো কৰ'ণা পজিটিভৰ ঘটনা পোহৰলৈ আহিছে । পলাশবাৰীৰ বালাপাৰাৰ নিৰঞ্জন কুমাৰ নামৰ এজন লোকৰ দেহত ধৰা পৰিছে এই ভাইৰাছ ।
Again two corona positive case found in south kamrup palashbari
আনহাতে, পলাশবাৰীতো কৰ'ণা পজিটিভৰ ঘটনা পোহৰলৈ আহিছে । পলাশবাৰীৰ বালাপাৰাৰ নিৰঞ্জন কুমাৰ নামৰ এজন লোকৰ দেহত ধৰা পৰিছে এই ভাইৰাছ । দুয়োজন লোককে ইতিমধ্যে দক্ষিণ কামৰূপৰ বঙৰাস্থিত কোভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।
উল্লেখযোগ্য যে, সন্ধিয়া ৬ বজালৈ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ৪ জন লোকৰ দেহত ধৰা পৰিছে এই কৰ'ণা ভাইৰাছ ।
লগতে পঢ়ক : মাতৃ পুত্ৰৰ দুৰ্দশাৰ খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ