বাইহাটা, 10 জুন :ৰাজ্যত জাৰি কৰা আংশিক ল'ক ডাউনে অন্যান্য ক্ষেত্ৰ লগতে এক সংকটত কঢ়িয়াই আনিছিল দেৱালয় সমূহলৈ ৷ বিশেষকৈ দেৱালয় সমূহৰ পুখুৰীত থকা মাছ-কাছকে ধৰি দেৱালয়ত থকা হাঁহ-পাৰ, গৰু-ছাগলী আদিৰ বাবে এক খাদ্য সংকটে দেখা দিছিল ৷
একেদৰে বাইহাটা চাৰিআলিৰ ৭০০ বছৰ পুৰণি পিংগলেশ্বৰ দেৱালয়ৰ জীৱ-জন্তু তথা দেৱালয়ৰ পুখুৰীত থকা মাছ-কাছ আদিয়েও এক খাদ্য সংকটত ভোগা দেখা গৈছিল ৷ কিয়নো দেৱালয় দৰ্শন কৰিবলৈ অহা দৰ্শনাৰ্থীৰ পৰা বহু পৰিমাণে খাদ্য লাভ কৰিছিল এই জীৱ-জন্তু সমূহে ৷ কিন্তু আংশিক লক ডাউনৰ পাচতে দেৱালয় বন্ধ হৈ পৰাত খাদ্য দেখা দিছিল এই সমূহ জীৱৰ ক্ষেত্ৰত ৷