অসম

assam

ETV Bharat / state

কাৰ হাতত, কি অৱস্থাত আছে সুধাকণ্ঠৰ 'ভাৰত ৰত্ন' সন্মান ! - লেনীন সৌৰভ

সুধাকণ্ঠৰ ভাৰত ৰত্ন বৰ্তমান ক'ত আছে তাৰ সন্ধান বিচাৰি আৰক্ষী থানাত গোচৰ ৰুজু কৰিলে অধিবক্তাই

ক'ত গ'ল সুধাকণ্ঠৰ 'ভাৰত ৰত্ন'!

By

Published : Aug 17, 2019, 8:38 PM IST

কামৰূপ, 17 আগষ্টঃ ভূপেন হাজৰিকাৰ ভাৰতৰত্ন সন্দৰ্ভত এজাহাৰ দাখিল কৰিলে এগৰাকী অধিবক্তাই । মহানগৰীৰ আজাৰা থানাত এজাহাৰ দাখিল কৰে অধিবক্তা প্ৰিয়াংকু প্ৰতীম পৰাশৰে ৷ সুধাকণ্ঠৰ ভাৰত ৰত্ন বৰ্তমান ক'ত আছে তাৰ সন্ধান নাই বুলি প্ৰকাশ পাইছিল সংবাদ মাধ্যমত ৷ যাৰ বাবে সুধাকণ্ঠৰ ভাৰত ৰত্নৰ সন্ধান বিছাৰি দাখিল কৰে এজাহাৰ ৷

আনহাতে, সুধাকণ্ঠই লাভ কৰা ভাৰতৰত্ন সম্পৰ্কে অৱগত কৰোৱাৰ দাবী কৰি 16 আগষ্টত দিছপুৰ থানাত এজাহাৰ দাখিল কৰে লেনীন সৌৰভ নামৰ এগৰাকী সাংবাদিকে ৷ যাৰ বাবে এজাহাৰ দাখিলৰ পাচতে বিষয় সন্দৰ্ভত বিতৰ্ক সৃষ্টি হৈছে বিভিন্ন মহলত ৷

উল্লেখ্য যে, অসমীয়াৰ হিয়াৰ আমঠু ড0 ভূপেন হাজৰিকাৰ ৰাষ্ট্ৰীয় পদকসমূহকে ধৰি সকলো পদক তেওঁ কৰি যোৱা ইচ্চাপত্ৰ অনুসৰি শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষিত আছে ৷ কিন্তু দেশৰ সৰ্বোচ্চ সন্মান 'ভাৰত ৰত্ন' বৰ্তমান পৰ্যন্ত সংৰক্ষিত হোৱা নাই কলাক্ষেত্ৰত ৷ যাৰ বাবে সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকাই গ্ৰহণ কৰা 'ভাৰত ৰত্ন' ক'ত গ'ল বুলি এজাহাৰ দাখিল কৰে ৷

ক'ত গ'ল সুধাকণ্ঠৰ 'ভাৰত ৰত্ন'!

ABOUT THE AUTHOR

...view details