ছয়গাঁও,12 মে’:অৱশেষতছয়গাঁও আৰক্ষীৰ তৎপৰতাত কৰায়ত্ত এজন ধৰ্ষণকাৰী ৷ এগৰাকী কিশোৰীক ধৰ্ষণ কৰি দীৰ্ঘদিনৰ পৰা পলাই আছিল কাণ্ডটোত অভিযুক্ত গৰৈমাৰী কৰাইবিলৰ নিজামুদ্দিন আহমেদ নামৰ লোকজন ৷ নিজামুদ্দিনে বিগত কিছুদিন পূৰ্বে একে গাঁৱৰে এগৰাকী কিশোৰীক ধৰ্ষণ কৰি আৰক্ষীৰ চকুত ধূলি মাৰি পলাই আছিল ৷ সোমবাৰে নিশা ছয়গাঁও আৰক্ষীয়ে গাঁৱৰে এঘৰত লুকাই থকা অৱস্থাত আটক কৰে অভিযুক্তক ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ছয়গাঁও থানাত 464/20 375(3) পক্স’ আইনৰ 4 নং ধাৰাত ৰুজু হোৱা গোচৰৰ ভিত্তিত জেল হাজোতলৈ প্ৰেৰণ কৰে অভিযুক্তক ৷
ছয়গাঁৱত কিশোৰী ধৰ্ষণকাৰীক জেল হাজোতলৈ প্ৰেৰণ - 464/20 375(3) পক্স’ আইন
কিশোৰীক ধৰ্ষণ কৰি দীৰ্ঘদিনৰ পৰা পলাই থকা গৰৈমাৰী কৰাইবিলৰ নিজামুদ্দিন আহমেদ নামৰ লোকজনক অৱশেষত কৰায়ত্ত কৰে ছয়গাঁও আৰক্ষীয়ে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ছয়গাঁও থানাত 464/20 375(3) পক্স’ আইনৰ 4 নং ধাৰাত ৰুজু হোৱা গোচৰৰ ভিত্তিত জেল হাজোতলৈ প্ৰেৰণ কৰে অভিযুক্তক ৷
![ছয়গাঁৱত কিশোৰী ধৰ্ষণকাৰীক জেল হাজোতলৈ প্ৰেৰণ Accusd on rape arrested one by chaigaon police kamrup assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7163691-thumbnail-3x2-a.jpg)
ধৰ্ষণকাৰী কৰায়ত্ত