ৰঙিয়া, ৫ মাৰ্চ: চৰকাৰ সলনি হয় যদিও সলনি নহয় ৰাজ্যৰ আমোলা-বিষয়া তথা কৰ্মচাৰী । সমান্তৰালকৈ অপৰিৱৰ্তিত হৈ থাকে ৰাস্তা-ঘাটৰ লগতে দলংসমূহৰ অৱস্থা । এনেকৈয়ে কামৰূপ জিলাৰ ৰঙিয়াৰ কলমণী-বৰকুকুৰীয়াত জৰাজীৰ্ণ দলঙৰ পৰা পৰি গুৰুত্বৰভাৱে আহত হয় এগৰাকী লোক । উক্ত জৰাজীৰ্ণ দলংখনেৰে যাতায়ত কৰোতে দুৰ্ঘটনাত পতিত হৈ আহত হয় এগৰাকী বাইক আৰোহী । ততাতৈয়াকৈ আহত বাইক আৰোহীজনক ৰঙিয়াৰ এখন ব্যক্তিগত হাস্পাতলত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
গড়কাপ্তানী বিভাগৰ চৰম দায়িত্বহীনতাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰে আহত বাইক আৰোহীগৰাকীয়ে । উল্লেখযোগ্য যে, কেবাবছৰ পূৰ্বে দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল । কিন্তু অতি পৰিতাপৰ বিষয় যে, পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনতো আজি পৰ্যন্ত সম্পূৰ্ণ নহ'ল পকী দলঙখনৰ কাম । প্ৰতিবাৰেই বিভিন্ন অজুহাতৰ বাবে অসম্পূৰ্ণ হৈ ৰয় দলংখনৰ কাম । যাৰবাবে প্ৰতিদিনে সহস্ৰাধিক ৰাইজে মৰণক শৰণ কৰি কাঠৰ জৰাজীৰ্ণ দলংখনেৰে এইদৰে যাতায়ত কৰিবলগীয়া হৈছে ।