এটি বিদ্যুতৰ খুঁটাই ৰঙিয়াত ব্যাহত কৰিলে বিদ্যুৎ সংযোগ - অসম নিউজ
"বুধবাৰে নিশা এখন তীব্ৰ বেগী ট্ৰাকে বিদ্যুতৰ হাই ভল্টেজ পৰিবাহী তাঁৰ সংলগ্ন এটি পকী খুঁটা উভালি নিয়াত সমগ্ৰ ৰঙিয়া নগৰত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে । দুৰ্ঘটনাটোৰ লগে লগে বিদ্যুৎ বিভাগে তাৎক্ষণিক ভাৱে বিদ্যুত সংযোগ বন্ধ কৰি দিয়ে অঞ্চলটোৰ ৷ "
![এটি বিদ্যুতৰ খুঁটাই ৰঙিয়াত ব্যাহত কৰিলে বিদ্যুৎ সংযোগ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3609015-thumbnail-3x2-rrrr-11.jpg)
ৰঙিয়া, 20 জুনঃ ৰঙিয়াত সংঘটিত পথ দুৰ্ঘটনা । বিদ্যুতৰ খুঁটা ট্ৰাকে মহতিয়াই নিয়া বাবে বিদ্যুৎ সংযোগ বন্ধ হৈ পৰে ৰঙিয়া নগৰত । বুধবাৰে নিশা এখন তীব্ৰ বেগী ট্ৰাকে বিদ্যুতৰ হাই ভল্টেজ পৰিবাহী তাঁৰ সংলগ্ন এটি পকী খুঁটা উভালি নিয়াত সমগ্ৰ ৰঙিয়া নগৰত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে । দুৰ্ঘটনাটোৰ লগে লগে বিদ্যুৎ বিভাগে তাৎক্ষণিক ভাৱে বিদ্যুত সংযোগ বন্ধ কৰি দিয়ে অঞ্চলটোৰ । আনহাতে, দুৰ্ঘটনাটোত কোনোমতে প্ৰাণ ৰক্ষা পৰে বহু লোকৰ । ঘটনা অনুসৰি, ভূটানৰ পৰা ৰঙিয়ালৈ আহি থকা জিপচাম ভৰ্তি NL-01-AB-1328 নম্বৰৰ ট্ৰাকখনৰ অনভিজ্ঞ হেণ্ডিমেনে নিয়ন্ত্ৰণ হেৰুৱাই হাই ভল্টেজ বিদ্যুতৰ পকী খুঁটা এটা উভালি গাড়ীখনেৰে প্ৰায় ১০০ মিটাৰ দূৰলৈ নিয়ে । যাৰ বাবে তাঁৰসমূহ চিঙি সিঁচৰিত হৈ জুইৰ ফিৰিঙতিৰ সৃষ্টি কৰে । ঘটনাৰ কিছুসময় পিছতে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে । ইফালে ঘটনাটোত ক্ষুব্ধ ৰাইজে নিশাৰ ভাগতে ট্ৰাকখন আৱদ্ধ কৰি পৰিৱেশ উত্তাল কৰে ।