অসম

assam

ছয়গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত এজন

By

Published : Sep 1, 2019, 12:09 PM IST

ছয়গাঁৱৰ কুকুৰমাৰাত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন ৷ নিহত লোকজন ছয়গাঁৱৰ সন্যাসীৰ পাপু ডি চাংমা ৷ এই ঘটনাত টনুৰাম মাৰাক নামৰ আন এজন লোক গুৰুতৰভাৱে আহত হয় ৷

ছয়গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

ছয়গাওঁ, 1 চেপ্তেম্বৰঃ শনিবাৰে নিশা ছয়গাঁৱৰ কুকুৰমাৰাত সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয় ৷ টাটা এচিই আৰু স্কুটীৰ মুখামুখী সংঘৰ্ষত থিতাতে নিহত হয় স্কুটি আৰোহীজন ৷ নিহত লোকজন ছয়গাঁৱৰ সন্যাসীৰ পাপু ডি চাংমা ৷ আনহাতে টনুৰাম মাৰাক নামৰ আন এজন লোক গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত ৷ সংকটজনক অৱস্থাত লোকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

ছয়গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

ABOUT THE AUTHOR

...view details