অসম

assam

ৰঙিয়াত এবিভিপিৰ সদস্যৰ প্ৰতিবাদ

By

Published : May 7, 2021, 6:30 PM IST

পশ্চিমবংগৰ নিৰ্বাচনী হিংসাৰ বিৰোধিতাৰে ৰঙিয়াত এবিভিপিৰ সদস্যৰ প্ৰতিবাদ । পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিকৃতি দাহ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে ।

ABVP PROTEST IN RANGIA
ৰঙিয়াত এবিভিপিৰ সদস্যৰ প্ৰতিবাদ

ৰঙিয়া, ৭ মে': পশ্চিমবংগৰ বিজেপি কৰ্মীৰ হত্যা তথা আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে বিজেপিয়ে । ইয়াৰ মাজতে শুক্ৰবাৰে ৰঙিয়াত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে এবিভিপিৰ সদস্যসকলে ।

ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনৰ সন্মুখত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰীয়ে । মমতা বেনাৰ্জী হুচিয়াৰ, বিজেপি কৰ্মীক অত্যাচাৰ কৰা বন্ধ কৰক আদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে । শীঘ্ৰে হত্যা-হিংসাৰ ঘটনা বন্ধ কৰিবলৈ দাবী জনায় এবিভিপিৰ কৰ্মীসকলে ।

ৰঙিয়াত এবিভিপিৰ সদস্যৰ প্ৰতিবাদ

উল্লেখ্য যে, পশ্চিমবংগত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে বিজেপিৰ বহু কৰ্মকৰ্তা আক্ৰমণৰ বলি হয় । কেইবাগৰাকীও বিজেপি নেতাক হত্যা কৰাৰ লগতে মহিলা কৰ্মীৰ শ্লীলতা হানিৰ দৰে ঘটনাও সংঘটিত হয় । এই সমগ্ৰ ঘটনাৰ বাবে তৃণমূল কংগ্ৰেছক দায়ী কৰি প্ৰতিবাদ নামিছে বিজেপি, এবিভিপিৰ সদস্য ।

লগতে পঢ়ক:বিলাসীপাৰাত আৰম্ভ ক'ভিড-১৯ ৰ ভেকচিনেচন প্ৰক্ৰিয়া

ABOUT THE AUTHOR

...view details