অসম

assam

By

Published : Aug 12, 2021, 7:48 PM IST

ETV Bharat / state

ৰাজপথত আন্দোলনৰ হুংকাৰ অসমৰ ২৫ লক্ষাধিক কৰ্মচাৰীৰ

দীৰ্ঘদিনীয়া লকডাউন আৰু মিনি লকডাউনত আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে অসমৰ প্ৰায় 25 লক্ষাধিক Event Decorators ৰ মালিক-কৰ্মচাৰী । চলুবলৈ উপায় নোহোৱাত এতিয়া হাহাকাৰ কৰিছে তেওঁলোকে ৷ চৰকাৰক লক্ ডাউনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আহ্বান ৷

protest-of-event-decorator-etv-bharat-assam
ৰাজপথত আন্দোলনৰ হুংকাৰ অসমৰ ২৫ লক্ষাধিক কৰ্মচাৰীৰ

ৰঙিয়া,12 আগষ্ট :ৰাজপথত নামি আন্দোলন কৰাৰ হুংকাৰ অসমৰ প্ৰায় ২৫ লক্ষাধিক Event Decorators ৰ মালিক আৰু কৰ্মচাৰীৰ ৷ দেশত মহামাৰী, লকডাউনৰ ফলত বন্ধ হৈ আছে বিয়া-সভা, ধৰ্মীয় অনুষ্ঠান ৷ খাটি খোৱা সৰু সুৰা ব্যৱসায়ী সকলৰ দুৰৱস্থাৰ বিষয়ে ইতিমধ্যে সকলো অৱগত ৷ দীৰ্ঘদিনীয়া লকডাউন আৰু মিনি লকডাউনত আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে অসমৰ প্ৰায় 25 লক্ষাধিক Event Decorators ৰ মালিক-কৰ্মচাৰী ।

ৰাজপথত আন্দোলনৰ হুংকাৰ অসমৰ ২৫ লক্ষাধিক কৰ্মচাৰীৰ

একমাত্ৰ ক'ভিড পৰিস্থিতিৰ বাবেই বিয়া-সভা, ধৰ্মীয় অনুষ্ঠান আদিত পেণ্ডেল সাজি উলিওৱা এইসকল লোক গভীৰ সংকটত পৰিছে ।বিহুৰ সাংস্কৃতিক অনুষ্ঠান, বিয়া-সবাহকে ধৰি বিভিন্ন অনুষ্ঠানত ৰভা, চকী, মেজ, পোহৰৰ সৰঞ্জাম, মিউজিক আদিৰ লগতে ৰান্ধনীশালৰ প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী যোগান ধৰা টেণ্ট হাউছৰ মালিক(tent house owners) তথা কৰ্মচাৰীৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা হৈছে ।

সমগ্ৰ অসমতেই চৰকাৰীভাৱে স্বীকৃতি প্ৰাপ্ত টেণ্ট হাউচ(government approved tent houses) আছে প্ৰায় চল্লিশ হাজাৰ । এই চল্লিশ হাজাৰ টেণ্ট হাউচৰ লগত জড়িত হৈ থকা কেইবা লক্ষাধিক লোকৰ অৱস্থা বৰ্তমান শোচনীয় ৷ যোৱাটো বৰ্ষৰ দীৰ্ঘদিনীয়া লকডাউনৰ পিছত প্ৰায়সংখ‍্যক টেণ্ট হাউছৰ মালিকেই লক্ষাধিক টকাৰ ঋণ লৈ বাঁহ কাপোৰ আদিৰ লগতে অন্যান্য সামগ্ৰী ক্ৰয় কৰিছিল । কিন্তু, পুনৰাই ক'ভিডৰ বাবে জাৰি হোৱা আংশিক লকডাউনৰ পিছত এতিয়া সেই সকলোবোৰ সামগ্ৰী ঘৰতেই নষ্ট হোৱাৰ উপক্ৰম হৈছে ।

ৰাজপথত আন্দোলনৰ হুংকাৰ অসমৰ ২৫ লক্ষাধিক কৰ্মচাৰীৰ

উল্লেখ্য যে, ক’ভিডৰ ভয়াৱহতাৰ বাবে তেওঁলোকে নিজৰ কাম-কাজৰ পৰা বিৰত থাকিবলগীয়া হৈছে তাৰ ফলত এতিয়া পৰিয়াল পোহপাল দিয়াত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে 25 লক্ষাধিক Event Decorators ৰ গৰাকী-কৰ্মচাৰীৰ । সুদীৰ্ঘ 20 মাহে বন্ধ হৈ আছে এওঁলোকৰ উপাৰ্জন । তাৰ মাজতে বেংকৰ পৰা লোৱা ঋণ আদায় দিব নোৱাৰাত হেঁচা প্ৰয়োগ কৰা হৈছে । দীৰ্ঘদিনীয়া লকডাউনৰ পিছত ঋণ লৈ লক্ষাধিক টকাৰ বাঁহ আৰু কাপোৰ ক্ৰয় কৰিছিল । কিন্তু এতিয়া সেইসকলোবোৰ যন্ত্ৰ-পাতি, বাঁহ, কাপোৰ নষ্ট হৈছে ।

সেয়েহে নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ বাবে চৰকাৰৰ ওচৰত সহায় বিচাৰিছে এইসকল লোকে । তেওঁলোকৰ আহ্বান যে,ক’ভিড সৃষ্ট পৰিৱেশৰ মাজত চৰকাৰী অনুষ্ঠানবোৰত তেওঁলোকক কাম দিয়ক । ঋণ আদায় দিয়াৰ ক্ষেত্ৰত আৰু সময় বঢ়াই দিয়ক । অন্যথা ৰাজপথত ওলাই আহি সমগ্ৰ অসমত 25 লক্ষাধিক Event Decorators গৰাকী, কৰ্মচাৰীয়ে আন্দোলনৰ কাৰ্যাসূচী হাতত ল’বলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে চৰকাৰক ।

লগতে পঢ়ক:ৱাল পেইণ্টিঙেৰে লাভলীনাক আদৰণি

ABOUT THE AUTHOR

...view details