অসম

assam

ETV Bharat / state

UTC ৰ বিৰুদ্ধে ৰঙিয়াৰ এবিএমছুৰ উত্তাল প্ৰতিবাদ - UTC ৰ বিৰুদ্ধে বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ ABMSU য়ে শনিবাৰে ৰঙিয়াৰ খন্দিকৰত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ

ইউ টি চি গঠনৰ সিদ্ধান্তক লৈ বিটিচিৰ লগতে ৰাজ্যখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে বড়োভূমিৰ অন্যতম ছাত্ৰ সংগঠন সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ ABMSU য়ে শনিবাৰে ৰঙিয়াৰ খন্দিকৰত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷

ABMSU protest against UTC at Rangia
UTC ৰ বিৰুদ্ধে ৰঙিয়াত এবিএমছুৰ উত্তাল প্ৰতিবাদ

By

Published : Jan 26, 2020, 12:53 AM IST

ৰঙিয়া, 25 জানুৱাৰী:কেন্দ্ৰীয় চৰকাৰে বড়ো জাতিক অগ্ৰাধিকাৰ দিয়াৰ লগতে উগ্ৰপন্থী সমস্যা সমাধানৰ অচিলাৰে ইউ টি চি গঠনৰ সিদ্ধান্তক লৈ বিটিএডিৰ লগতে ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ অবড়ো লোকসকলক অন্ধকাৰত ৰাখি বিটিচি চুক্তি স্বাক্ষৰিত কৰি চৰকাৰে অবড়ো জনসাধাৰণক বিভিন্ন সমস্যাত পেলোৱাৰ পিছতে পুনৰ ইউ টি চি স্বাক্ষৰিত কৰিব খোজা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ৷ চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে বড়োভূমিৰ অন্যতম ছাত্ৰ সন্থা সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সংগঠন চমুকৈ ABMSUয়ে শনিবাৰে ৰঙিয়াৰ খন্দিকৰত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷

UTC ৰ বিৰুদ্ধে ৰঙিয়াত এবিএমছুৰ উত্তাল প্ৰতিবাদ

চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে সংগঠনটোৱে ৷ ইয়াৰ উপৰিও ইউটিচি মানি লোৱা নহ'ব, ইউটিচিক লৈ ৰাজনীতি কৰা নচলিব, বিজেপি চৰকাৰ হায় হায়, গৃহমন্ত্ৰী অমিত শ্বাহ মুৰ্দাবাদ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল হায় হায় আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ABMSUৰ প্ৰতিবাদকাৰী সকলে ৷ সংগঠনটোৰ নেতৃত্বৰ স্পষ্ট মত, ইউটিচি স্বাক্ষৰিত কৰাৰ আগেয়ে বিটিচিৰ সকলো সংগঠন, সামাজিক সংগঠনৰ প্ৰতিনিধিৰে সৈতে আলোচনাত বহক ৰাজ্য চৰকাৰ ৷ অন্যথা জোৰ কৰি ইউটিচি জাপি দিবলৈ গলে ভয়াৱহ আন্দোলনৰ সন্মুখীন হ'ব লাগিব বুলি চৰকাৰক কঠোৰ সকীয়নি প্ৰদান কৰে সংগঠনটোৰ নেতৃত্বই ৷ ইয়াৰ উপৰিও বিটিএডিৰ অবড়ো লোকৰ বিৰুদ্ধে যোৱা ইউটিচি চুক্তি কোনো কাৰণত মানি লোৱা নহ'ব বুলি চৰকাৰক সকীয়াই দি, বিটিচি চুক্তিৰ সময়ৰ বড়োভূমি এতিয়াৰ বড়োভূমি একে নহয় বুলি স্পষ্ট কৰি দিয়ে এবিএমছুৰ সম্পাদক নজৰুল ইছলামে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details