অসম

assam

ETV Bharat / state

ৰঙিয়াত এবিএমছুৰ সংবাদ মেল - লাফিকুল ইছলাম আহমেদৰ মৃত্যু বাৰ্ষিকী

ৰঙিয়াত এবিএমছুৰ সংবাদ মেল ৷ এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাৰ তিনিটা বছৰ পাৰ হোৱাৰ পিছতো হত‍্যাকাৰীৰ সম্ভেদ পোৱা নগ'ল। হত‍্যাকাণ্ডৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ কৰাৰ পিছতো কোনোধৰণৰ ফলাফল লাভ কৰা হোৱা নাই । হয়তো পৰোক্ষ ৰাজনৈতিক হস্তক্ষেপৰ বাবে এতিয়ালৈ কোনো সমাধান নোলাল হত‍্যাকাণ্ডৰ তদন্তৰ ।

ৰাফিকুল ইছলামৰ হত্যাকাণ্ডক লৈ সৰৱ এবিএমছু
ৰাফিকুল ইছলামৰ হত্যাকাণ্ডক লৈ সৰৱ এবিএমছু

By

Published : Jul 30, 2020, 3:59 PM IST

ৰঙিয়া, 30 জুলাই :ৰঙিয়া প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত ৰাফিকুল ইছলামৰ হত্যাকাণ্ডক লৈ সৰৱ হৈ পৰে এবিএমছু । এই হত‍্যাকাণ্ডত অভিযুক্ত লুইত মুছাহাৰিয়ে গুৱাহাটী উচ্চ ন‍্যায়ালয়ত অগ্ৰীম জামিনৰ বাবে আবেদন কৰাৰ ক্ষেত্ৰতো প্ৰশ্ন তোলে এবিএমছুৱে । মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনতেই ৰাজপথত গুলিয়াই হত‍্যা কৰা হৈছিল,এতিয়ালৈ হত‍্যাকাণ্ডৰ কোনো সদুত্তৰ দিবলৈ সক্ষম নোহোৱা মুখ‍্যমন্ত্ৰী সৰ্বকালৰ ব‍্যৰ্থ মুখ‍্যমন্ত্ৰী বুলি অভিযোগ কৰে এবিএমছুৱে ।

ৰাফিকুল ইছলামৰ হত্যাকাণ্ডক লৈ সৰৱ এবিএমছু

অহা এক আগষ্টত লাফিকুল ইছলাম আহমেদৰ মৃত্যু বাৰ্ষিকীৰ দিনা সমগ্ৰ বিটিচি অঞ্চলত গণতান্ত্ৰিকভাৱে আন্দোলন হ'ব বুলি হুংকাৰ দিয়ে এবিএমছুৱে। যদিহে তাৰপিছতো তদন্তৰ তথ্য ৰাজহুৱা নহয় তেতিয়াহ'লে ছয় আগষ্টৰ দিনা পুনৰ মানৱ শৃংখল সাজি পুনৰ আন্দোলন কৰা হ'ব । ইয়াৰ পিছত অনাগত দিনত বিটিচিত ধাৰাবাহিক আন্দোলন আৰম্ভ হ'ব বুলিও জনায় সংগঠনটোৱে ।

লগতে পঢ়কঃIPL 2020ৰ পূৰ্বে মটেৰাত মেন-ইন-ব্লুৰ প্ৰশিক্ষণ শিবিৰৰ সম্ভাৱনা নাই

ABOUT THE AUTHOR

...view details