ছয়গাঁও,5 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ দীপাঞ্জল দাসৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা আৱাহন থিয়েটাৰ সমিটি তথা প্ৰদীপ সংঘৰ সদস্যবৃন্দৰ ৷ সম্বৰ্ধনা অনুষ্ঠানটোৰ আতঁ ধৰে প্ৰদীপ সংঘৰ সম্পাদক জিন্টু ডেকাই ৷ অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে শ্বহীদ দিপাঞ্জল দাসৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰি পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে ৷ লগতে জাতিধ্বংসী এই আইনখনৰ বিৰোধীতা কৰি প্ৰাণ দিয়া দীপাঞ্জলৰ সেই ত্যাগ যাতে লক্ষ্যত যাতে অথলে নাযায় আৰু সমূহ অসমবাসীয়ে যাতে লক্ষ্য়ত উপনীত হ’ব পাৰে তাৰে কামনা কৰে ৷ তেখেতে আৰু কয় যে, এই লক্ষ্যত উপনীত হ’লেহে "কা" বিৰোধী আন্দোলনত শ্বহীদ হোৱাসকলৰ আত্মাই চিৰশান্তি লাভ কৰিব ৷ চৰকাৰৰ ওচৰত আটাইকেইগৰাকী শ্বহীদৰে হত্যাৰ উচিত তদন্তৰো দাবী উত্থাপন কৰে অভিনেত্ৰী গৰাকীয়ে ৷
শ্বহীদ দিপাঞ্জল দাসৰ পৰিয়াক আৰ্থিক সাহায্য প্ৰদান আৱাহন থিয়েটাৰৰ - দিপাঞ্জল দাসৰ পৰিয়াক আৰ্থিক সাহায্য প্ৰদান আৱাহন থিয়েটাৰৰ
নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ দীপাঞ্জল দাসৰ পৰিয়ালক সম্বৰ্ধনা আৱাহন থিয়েটাৰ কমিটি তথা প্ৰদীপ সংঘৰ সদস্যবৃন্দৰ ৷ সম্বৰ্ধনা অনুষ্ঠানটোৰ আতঁ ধৰে প্ৰদীপ সংঘৰ সম্পাদক জিন্টু ডেকাই ৷ অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি, অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে শ্বহীদ দিপাঞ্জল দাসৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰি পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে ৷
শ্বহীদ দিপাঞ্জল দাসৰ পৰিয়াক আৰ্থিক সাহায্য প্ৰদান আৱাহন থিয়েটাৰৰ
উল্লেখ্য যে, উক্ত অনুষ্ঠানতে আৱাহন থিয়েটাৰ কমিটি তথা প্ৰদীপ সংঘই পোন্ধৰ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰে শ্বহীদ দিপাঞ্জল দাসৰ পৰিয়াক ।
লগতে পঢ়ক-আস্থা ঠাকুৰৰ বাল্য পঞ্চায়ত আৰু প্লাষ্টিক মুক্ত অভিযান