ৰঙিয়া, ২৮ আগষ্ট: ৰঙিয়া চহৰৰ মূল পথ এন টি ৰোডৰ বিধ্বস্ত ৰূপে উদঙাইছে উন্নয়নৰ প্ৰকৃত স্বৰূপ । পথটোৰ মাজত আছে প্ৰকাণ্ড গাঁত । এজাক বৰষুণতে পথৰো পানীত বুৰ যায় । যাতায়াতৰ নামত হাৰাশাস্তি ভূগিবলগীয়া হৈছে ৰঙিয়াৰ ৰাইজে । সেয়ে, পথটো পুনৰ নিৰ্মাণৰ দাবীত শনিবাৰে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ৰঙিয়া আঞ্চলিক সমিতিয়ে ।
ৰঙিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ পথ এই এন টি ৰোড শীঘ্ৰে মেৰামতি কৰি যাতায়াত ব্যৱস্থা সুচল কৰাৰ দাবী জনায় সংগঠটোৰ কৰ্মকৰ্তাসকলে । বিগত কেইবাবছৰো ধৰি পথটো বিধ্বস্ত অৱস্থাতে আছে । নিতৌ এই পথটোৰে সহস্ৰাধিক লোকে বাহন লৈ অহা-যোৱা কৰাটো একপ্ৰকাৰ প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে । ৰঙিয়া ৰে'ল জংচনক ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰা এই গুৰুত্বপূৰ্ণ পথটোৰ কাষতে আছে ৰঙিয়াৰ চেছন ক'ৰ্ট আৰু কেইবাটাও চৰকাৰী কাৰ্যালয় ।