অসম

assam

ETV Bharat / state

মূল‍্যবৃদ্ধিৰ বিৰুদ্ধে ৰঙিয়াত আছুৰ প্ৰতিবাদ

প্ৰতিবাদত উত্তাল হ’ল ৰঙিয়া ৷ ৰঙিয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে আছু (AASU protest at Rangia) । শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে আছুই ।

AASU protest at Rangia
মূল‍্যবৃদ্ধিৰ বিৰুদ্ধে ৰঙিয়াত আছুৰ প্ৰতিবাদ

By

Published : Mar 27, 2022, 5:00 PM IST

ৰঙিয়া, 27 মাৰ্চ :আছুৰ প্ৰতিবাদত উত্তাল হ’ল ৰঙিয়া ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰঙিয়াত এইবাৰ প্ৰতিবাদত নামিল সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যসকল ৷ দেওবাৰে ৰঙিয়াৰ হাইৱে চ'কত চৰকাৰ বিৰোধী শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।

লগতে প্ৰতিবাদস্থলীতে যোগান মন্ত্ৰী ৰঞ্জিৎ দাসৰ পুত্তলিকাও দাহ কৰে প্ৰতিবাদী আছুৰ কৰ্মীসকলে ৷ লগতে যোগান মন্ত্ৰীগৰাকীক অকৰ্মন্য মন্ত্ৰী বুলিও আখ্যা দিয়ে প্ৰতিবাদকাৰীসকলে ৷ আনকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মূল্যবৃদ্ধি ৰোধ কৰিবলৈ এক প্ৰকাৰে সকিয়নী প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

মূল‍্যবৃদ্ধিৰ বিৰুদ্ধে ৰঙিয়াত আছুৰ প্ৰতিবাদ

বিশেষকৈ, শেহতীয়াভাৱে পেট্ৰ’ল আৰু ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ৰাইজক কোঙা কৰি তুলিছে (Petrol price hike in Assam) । পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ ওপৰত মাধমাৰ সোধাইছে (Price hike in Assam )। এনেক্ষেত্ৰত যোগান মন্ত্ৰী ৰঞ্জিত দাসে কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ বাবে ৰাইজে ত্ৰাহিমধুসোধন সুৱৰিব লগা হৈছে বুলিও খেদ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে।

প্ৰতিবাদত উত্তাল হ’ল ৰঙিয়া

আনহাতে, ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ(Russia Ukraine War)ৰ বাবে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি হোৱা বুলি উল্লেখ কৰা মন্ত্ৰী দাসক নেমু টেঙাৰ মূল্যবৃদ্ধিও ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ বাবে হৈছে নেকি বুলি প্ৰশ্ন কৰে প্ৰতিবাদকাৰীসকেল ৷ এই চৰকাৰখনে মূল‍ বিষয়ৰ পৰা আঁতৰি আহি কিছুমান অবান্তৰ আৰু অযুক্তিকৰ কথা কৈ জনসাধাৰণক বিপথে পৰিচালিত কৰিব বিচৰিছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷ উল্লেখ্য যে, অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে আছুৱে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক :AASU Protest at Rangia: ৰঙিয়াৰ জনজীৱনলৈ কয়লাই ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ

ABOUT THE AUTHOR

...view details