বাইহাটা, 5 আগষ্ট :ৰাজ্যজুৰি ক'ভিড-19 আৰু বানপানীৰ ত্ৰাস অব্যাহত থকাৰ মাজতে বুধবাৰে বাইহাটা চাৰিআলিত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ বাইহাটা চাৰিআলিৰ মদনপুৰত টোলগেট নিৰ্মাণক লৈ সদৌ অসম ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ পূৱ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷
প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি, লক ডাউন, বানপানী তথা গৰাখহনীয়াই ৰাজ্যবাসীক জুৰুলা কৰাৰ সময়তে চৰকাৰে সাধাৰণ জনতাৰ ওপৰত অতিৰিক্ত কৰৰ বোজা জাপি দিব বিচাৰিছে ৷ যাৰবাবে বুধবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মাণ কৰা টোলগেট বন্ধ কৰাৰ দাবী জনাইছে ৷