হাজো, 16 জানুৱাৰী : মাঘ মাহৰ প্ৰথম দিনটোতে উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰে তীৰ্থ নগৰী হাজোত (Procession in Hajo)৷ ধৰ্মীয় সংকীৰ্ণতাৰ ঊৰ্ধত শান্তি-সম্প্ৰীতি আৰু সমন্বয়ৰ মহান আদৰ্শ মানৱ সমাজত বিলাই দিবলৈ তীৰ্থ নগৰী হাজোত আৰম্ভ হয় মহামিলনৰ পৰম্পৰাগত মণিকূট উৎসৱ ৷
এই উৎসৱৰ লগত সংগতি ৰাখি সমন্বয়ৰ শোভাযাত্ৰাও বাহিৰ কৰা হয় । হাজোৰ ঐতিহাসিক পোৱামক্কা দৰগাহ আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰত আৰম্ভ হয় এই মহামিলনৰ পৰম্পৰাগত মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা (Coordination procession in Hajo) ।
উল্লেখ্য যে, 1992 চনত বাবৰি মহজিদ আৰু ৰাম মন্দিৰক (Babri Masjid and Ram Temple) লৈ সমগ্ৰ দেশতে সংঘাতৰ সৃষ্টি হৈছিল ।
সেই সময়তে কিন্তু হাজোত তাৰ বিপৰীত ছবিহে দেখা পোৱা গৈছিল । তেতিয়াৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হিন্দু-মুছলমানৰ সেই অপূৰ্ব মিলনৰ স্মৃতিক চিৰযুগমীয়া কৰি ৰখাৰ প্ৰয়াস হিচাপে প্ৰত্যেক বছৰে হাজোত অনুষ্ঠিত হৈ আহিছে মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা ।
মণিকূট উৎসৱ উপলক্ষে প্ৰতি বছৰে পহিলা মাঘত ছাত্ৰ সন্থাই আয়োজন কৰি অহা ‘‘সমন্বয় শোভাযাত্ৰা’’ এইবেলিও হাজোৰ পোৱামক্কা দাৰগাহৰ নামনিৰ পৰা আৰম্ভ কৰি মাধৱ মন্দিৰ প্ৰাংগণত সামৰণি মৰা হয় । হিল-দল ভাঙি অহা হাজোবাসী ৰাইজৰ স্বতঃস্ফূৰ্ত সহযোগত হাজোত আছুৰ উদ্যোগত দিনৰ প্ৰায় 11 বজাত উলিওৱা হয় এই বৰ্ণিল শোভাযাত্ৰা ৷
য’ত শোভাযাত্ৰাৰ পতাকা আদান-প্ৰদানেৰে শুভাৰম্ভ কৰে পোৱামক্কা দৰগাহৰ ‘খাদিম’ তৌফিকুৰ হুছেইন আৰু মাধৱ মন্দিৰৰ ‘দলৈ’ শিৱ প্ৰসাদ শৰ্মাই । প্ৰেম, ভ্ৰাতৃত্ববোধ আৰু সমন্বয়ৰ মহান বাণীৰ সংকল্প লৈ জাতি, ধৰ্মৰ নামত লেতেৰা ৰাজনীতিৰ পোখা মেলা অপ-শক্তিক মানৱ সমাজৰ পৰা আঁতৰাই পথাবলৈ আয়োজিত এই বৰ্ণিল ‘‘সমন্বয় শোভাযাত্ৰা’’ত হাজাৰ-হাজাৰ লোকে অংশগ্ৰহণ কৰে ।