আমিনগাঁও, 5 মে' : কামৰূপ জিলাত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আচঁনিত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলিছে অঞ্চলটোৰ একাংশ কৃষকে । ইতিমধ্যে এই সন্দৰ্ভত ইটিভি ভাৰতত বাতৰিও সম্প্ৰচাৰ কৰা হৈছে ৷ কামৰূপ জিলা কৃষি বিভাগৰ কাণ্ডজ্ঞানহীনতাৰ বাবে কৃষকৰ নামত অহা ধন সৰকাইছে একাংশ ভুৱা কৃষক হিতাধিকাৰীয়ে। এই কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কৃষি মন্ত্ৰী অতুল বৰালৈ স্মাৰক পত্ৰ প্রদান কৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই ।
সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ অভিযোগ যে, জিলা খনৰ বিভিন্ন গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰাজহ চক্ৰ ভিত্তিত প্ৰস্তুত কৰা কৃষক হিতাধীকাৰীৰ তালিকাত বহুসংখ্যক গাঁৱত জীৱনত কোনো দিনে কৃষি কাৰ্যৰ লগত জড়িত নোহোৱা ব্যক্তি, ৰাজনৈতিক দলৰ ব্যক্তি, চৰকাৰী চাকৰিয়াল, পেঞ্চনাৰ, ব্যৱসায়ী,পঞ্চায়ত প্ৰতিনিধি আদিৰ নাম সন্নিৱিষ্ট হোৱাৰ উপৰিও গঞা ৰাইজে চিনি নোপোৱা বহু ব্যক্তিৰ নাম গাঁৱৰে বাসিন্দা বুলি সন্নিৱিষ্ট কৰা হৈছে । উল্লেখ্য যে, প্ৰকৃত খেতিয়ক সকলক বঞ্চিত কৰি সাহায্য প্ৰদানৰ নামত ব্যপক কেলেংকাৰী সংঘটিত হোৱাৰ উপৰিও স্বজন তোষণ কৰা হৈছে । লগতে কৃষি ভূমি নথকা বহুতো ভুৱা কৃষকৰ নাম হিতাধীকাৰীৰ তালিকাত দেখা গৈছে ।