অসম

assam

By

Published : Nov 28, 2019, 10:50 PM IST

ETV Bharat / state

কেবৰ বিৰুদ্ধে সৰব আছু আৰু NESO

বৃহস্পতিবাৰে দিল্লীৰ পৰা উভতি আহি বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱা সময়তে NESOৰ অধ্যক্ষ চেমূৱেল জেওৰা আৰু আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই CAB আৰু মৌলবাদীৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷

কেব
কেবৰ বিৰুদ্ধে সৰব আছু আৰু এনইএছঅ

কামৰূপ, 28 নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠিল সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে Northeast Student Organisation চমুকৈ NESOৰ অধ্যক্ষ চেমুৱেল জেওৰা । বৃহস্পতিবাৰে দিল্লীৰ পৰা উভতি আহি বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱা সময়তে NESOৰ অধ্যক্ষ চেমূৱেল জেওৰা আৰু আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই CAB আৰু মৌলবাদীৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

কেবৰ বিৰুদ্ধে সৰব আছু আৰু এনইএছঅ
কেবৰ বিৰুদ্ধে সৰব আছু আৰু এনইএছঅ

আনহাতে, দিল্লীত NDAৰ সহযোগী ৰাজনৈতিক দল, বিৰোধী ৰাজনৈতিক দলৰ লগতে বিভিন্ন পক্ষক কেবৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনোৱা বুলি মন্তব্য কৰে ভট্টাচাৰ্যই । লগতে অসমৰ পৰা মৌলবাদীক শিপাই পোখালিয়ে উভালি পেলাবলৈ অসম চৰকাৰক আহ্বান জনায় । অসম চুক্তি কাৰ্যকৰী নকৰাৰ বাবে সীমান্ত মুক্ত হৈ আছে যাৰ ফলত অসম-বাংলাদেশ সীমান্তৰে অবৈধ বাংলাদেশী প্ৰৱেশ কৰাৰ লগতে বহুতো মৌলবাদীও প্ৰৱেশ কৰি আহিছে অসমলৈ । লগতে এই নাগৰিকত্ব সংশোধনী বিধেয়ক কেৱল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কাৰণে বিপদজনক নহয় এয়া সমগ্ৰ দেশৰ বাবে সংকটজনক বুলি মন্তব্য কৰে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ।

আৰু পঢ়কঃ কাহিলীপাৰাত জ্যোতি কেন্দ্ৰ কৰ্মীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details