অসম

assam

ETV Bharat / state

আছুৱে ৰাজহুৱা কৰিলে পৰামৰ্শদাতা সমিতিৰ প্ৰতিবেদন - হোটেল প্ৰাগ কন্টিনেন্টেল

শুকুৰবাৰে আছুৰ পৰামৰ্শদাতা সমিতিয়ে ৰাজহুৱা কৰিলে তেওঁলোকৰ প্ৰতিবেদন । কমিটীৰ পৰামৰ্শ অনুসৰি ৰাজনৈতিক দল গঠন কৰিবলৈ ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদে অসম পৰামৰ্শ দাতা কমিটীৰ আহ্বায়ক ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্য আৰু বসন্ত ডেকাক দল গঠনৰ বাবে প্ৰয়োজনীয় সকলোবোৰ আনুসংগিক বিধিৰ ব্যবস্থা গ্ৰহণ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰে ।

AASU-AJYCP Have Formed An Advisory Committee To Suggest The Forming Of a New Political Party
আছুৱে ৰাজহুৱা কৰিলে পৰামৰ্শদাতা সমিতিৰ প্ৰতিবেদন

By

Published : Sep 11, 2020, 6:56 PM IST

গুৱাহাটী, 11 ছেপ্তেম্বৰ : অসম প্ৰথম,সদায় আৰু চিৰদিন এই মূলমন্ত্ৰক আগত ৰাখি আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে গঠন কৰিব নতুন আঞ্চলিক ৰাজনৈতিক দল । দেশৰ সংবিধান আৰু ফেডাৰেল গাথনিৰ গণ্ডীৰ ভিতৰত থাকি বিকল্প আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ পোষকতা কৰি আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গঠন কৰিছিল অসম পৰামৰ্শদাতা সমিতি‌ । এই সমিতিখনৰ উদ্দেশ্য আছিল আছুৰ উদ্যোগত গঠন হ‍'ব লগা নতুন আঞ্চলিক দল সন্দৰ্ভত দিহা পৰামৰ্শ আগবঢ়োৱা ।

আছুৱে ৰাজহুৱা কৰিলে পৰামৰ্শদাতা সমিতিৰ প্ৰতিবেদন

শুকুৰবাৰে আছুৰ পৰামৰ্শদাতা সমিতিয়ে ৰাজহুৱা কৰিলে তেওঁলোকৰ প্ৰতিবেদন। কমিটীৰ পৰামৰ্শ অনুসৰি ৰাজনৈতিক দল গঠন কৰিবলৈ ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদে অসম পৰামৰ্শ দাতা কমিটীৰ আহ্বায়ক ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্য আৰু বসন্ত ডেকাক দল গঠনৰ বাবে প্ৰয়োজনীয় সকলোবোৰ আনুসংগিক বিধিৰ ব্যবস্থা গ্ৰহণ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰে ।

আছুৱে ৰাজহুৱা কৰিলে পৰামৰ্শদাতা সমিতিৰ প্ৰতিবেদন

ইফালে,পৰামৰ্শ দাতা সমিতিয়ে তেওঁলোকৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ পিচতেই একপ্ৰকাৰ দল গঠনৰ পূৰ্ণাংগ কমিটী গঠন প্ৰক্ৰিয়া আৰম্ভ হয়। মহানগৰীৰ হোটেল প্ৰাগ কন্টিনেন্টেলত আয়োজন কৰা এক সংবাদমেলত এই কথা সদৰি কৰিলে আছু নেতৃত্বই । আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ উদ‍্যোগত গঠন হ'ব লগা ৰাজনৈতিক দলে প্ৰগতিশীল আঞ্চলিক ৰাজনীতিত অধিক গুৰুত্ব প্ৰদান কৰিব বুলি মতপোষণ কৰিলে আছু সভাপতি দীপাংক কুমাৰ নাথে।

আছুৱে ৰাজহুৱা কৰিলে পৰামৰ্শদাতা সমিতিৰ প্ৰতিবেদন

ইফালে,দীপাংক কুমাৰ নাথৰ মন্তব্য অনুসৰি,পূৰ্বৰ আঞ্চলিক দলৰ প্ৰতি মোহভংগ ঘটা অসমৰ জনসাধাৰণে এতিয়া বিকল্প আঞ্চলিক ৰাজনৈতিক শক্তি বিচাৰিছে । বিভিন্ন জনগোষ্ঠীৰ সমন্বয় আৰু সহযোগত আমি নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিম আৰু আমাৰ নতুন দলৰ কামকাজৰ মূলমন্ত্ৰ হ'ব অসম প্ৰথম, সদায় আৰু চিৰদিন "৷

আনহাতে, বৰ্তমান চৰকাৰে সাম্প্ৰদায়িক বিষবাস্প বিয়পাইছে আৰু জনগোষ্ঠীক সমূহৰ বিভাজনেৰে ৰাজ‍্যখনৰ জনসাধাৰণৰ ঐক্য সম্প্ৰীতি বিনষ্ট কৰাৰ চেষ্টা কৰিছে বুলি মন্তব‍্য কৰিলে আছুৰ সম্পাদক লুৰীণ জ‍্যোতি গগৈয়ে‌ । আছু সম্পাদক গৰাকীৰ মন্তব্য অনুসৰি, ‍‌‌‌‌ক্ষমতা কেন্দ্ৰীক আপোচৰ ৰাজনৈতিক দৰ্শনৰ বিপৰীতে অসমৰ জনগণে এক প্ৰগতিশীল আঞ্চলিক ৰাজনীতিত গুৰুত্ব প্ৰদান কৰিছে । অসমৰ আঞ্চলিক ৰাজনীতিৰ পূনৰ্বিন‍্যাসৰ প্ৰয়োজনীয় সময়ত অতি গুৰুত্ব দিবলগীয়া বিষয়টো হ'ল সমস্যা সমূহৰ চিনাক্ত কৰা আৰু সেইবোৰৰ সমাধান কৰা ।

সমান্তৰালভাবে সাম্প্ৰতিক ৰাজনৈতিক ক্ষেত্ৰখনলৈ লক্ষ্য ৰাখি জাতীয়তাবাদী শিবিৰৰ দুটা শক্তিশালী সংগঠন সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত জাতীয়তাবাদী আদৰ্শত এক আঞ্চলিক ৰাজনৈতিক দল গঠন কৰাটো সময়ৰ দাবী বুলি মন্তব্য কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ সম্পাদক পলাশ চাংমাইয়ে ।

লগতে পঢ়ক : গীত কামৰূপাক গ্ৰেপ্তাৰৰ দাবীত শিৱসাগৰত দল সংগঠনৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details