কামৰূপ,13 জুলাইঃ আমিনগাঁও তোলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ত বিকলাংগ প্ৰমাণ পত্ৰ ছিণ্ডিকেটৰ অভিযোগ । বিকলাংগক চৰকাৰী চিকিৎসালয়ৰ প্ৰমাণ পত্ৰ দিয়াৰ বিনিময়ত চিকিৎসকে ১০০০ৰ পৰা ৭০০০ টকা পৰ্যন্ত লোৱাৰ অভিযোগ তুলিছে খোদ বিকলাংগই । তোলাৰাম বাফনাৰ চিকিৎসক জ্যোতিৰ্ময় দাসৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ দুগৰাকী বিকলাংগৰ ।
আমিনগাঁও তোলাৰাম বাফনা হাস্পতালত প্ৰমাণ পত্ৰৰ ছিণ্ডিকেট
বিকলাংগক প্ৰমাণ পত্ৰ দিয়াৰ নামত ডাক্টৰ জ্যোতিৰ্ময় দাসৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ ৷ প্ৰতিখন প্ৰমাণ পত্ৰৰ বাবদ ১০০০ৰ পৰা ৭০০০ টকালৈ লোৱাৰ অভিযোগ তুলিলে খোদ বিকলাংগই ৷
আমিনগাওঁ তোলাৰাম হাস্পতালত প্ৰমাণ পত্ৰৰ ছিণ্ডিকেট
উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ বিকলাংগ আঁচনিৰ অন্তৰ্ভুক্ত হ'বলৈ লাগে চৰকাৰী বিকলাংগৰ প্ৰমাণ পত্ৰ । প্ৰমাণ পত্ৰ বিচৰাত ডাঃ জ্যোতিৰ্ময় দাসে ৭০০০ টকা বিচৰাৰ অভিযোগ একাংশৰ । ৭০০০ টকা দিব নোৱাৰি বিকলাংগৰ পৰিয়ালে একোখন প্ৰমাণ পত্ৰৰ বিনিময়ত ১০০০ টকাকৈ পৰিশোধ কৰে ৷ এনেদৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিতেই হৈ থকা লুন্ঠনৰাজক লৈ এতিয়া চিন্তিত হৈ পৰিছে অঞ্চলটোৰ সচেতন ৰাইজ ৷
লগতে পঢ়কঃ শদিয়াৰ পৰা ধুবুৰীলৈ যেনিয়েই চায় কেৱল বানৰ বিভীষিকা