অসম

assam

প্ৰতিবাদ কৰিবলৈ গৈ দুৰ্ঘটনাত নিহত এজন যুৱক

By

Published : Dec 14, 2019, 7:41 PM IST

পলাশবাৰীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ দুৰ্ঘটনাত নিহত হয় এজন যুৱক। নিহত যুৱকজন পলাশবাৰীৰ আগিছিয়াৰ দেৱজিৎ ভূঞা ৷ যুৱকজনক মিৰ্জাত শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।

palashbari death
কে(এ)এ ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ দুৰ্ঘটনাত নিহত এজন যুৱক

আজাৰা,14 ডিচেম্বৰ : পলাশবাৰীত শুকুৰবাৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ মৃত্যুক আঁকোৱালি ল'লে এজন যুৱকে। নিহত যুৱকজনৰ নাম দেৱজিৎ ভূঞা ৷ ঘৰ পলাশবাৰীৰ আগিছিয়াত। উল্লেখ্য যে,শুকুৰবাৰে নিশা দেৱজিৎ ভূঞা আৰু ধনমণি দাস নামৰ যুৱকদুজন মটৰ-চাইকেলৰে আহিছিল প্ৰতিবাদস্থলীলৈ ৷ টেম্পো আৰু মটৰ-চাইকেলৰ মাজত হোৱা সংঘৰ্ষত গুৰুত্বৰভাৱে আহত হৈছিল দুই যুৱক ৷ আহত যুৱকদ্বয়ক GMCHলৈ নিয়া হৈছিল ৷ GMCHলৈ নি থকা অৱস্থাতে নিহত হৈছিল দেৱজিৎ ভূঞা ৷ আনহাতে গুৰুত্বৰভাৱে আহত হোৱা ধনমনি দাস বৰ্তমানেও চিকিৎসাধীন হৈ আছে GMCHত । শনিবাৰে দেৱজিৎ ভূঞাৰ মৃতদেহ নিজ বাসগৃহলৈ অনাৰ সময়তে মিৰ্জাস্থিত শ্বহীদ ভৱনত শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য,আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈ,ডিপাংক নাথ,অজয় ফুকনকে ধৰি বহুতো লোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

কে(এ)এ ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ দুৰ্ঘটনাত নিহত এজন যুৱক

ABOUT THE AUTHOR

...view details