কামৰূপ,20 অক্টোবৰঃ কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বামুণীগাঁৱত দেওবাৰে নিশা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত চাৰিগৰাকী মহিলা শাক-পাচলিৰ ব্যৱসায়ী নিহত হয় ৷ বামুণীগাঁওৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এ এচ ০১ জে ছি 4599 নম্বৰৰ তীব্ৰবেগী গুৱাহাটী অভিমুখে গৈ থকা ডাম্পাৰ এখন আৰু নামনিমুৱা এ এছ ২৫ ইছি ১৩০০ নম্বৰৰ মালবাহী টাটা এচিৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় ৷
বকোত শোকাৱহ পথ দু্ৰ্ঘটনাত নিহত চাৰিগৰাকী মহিলা
বকোৰ বামুণীগাঁৱত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত নিহত চাৰিগৰাকী মহিলা শাক-পাচলিৰ ব্যৱসায়ী ৷ দুৰ্ঘটনাটোত আহত আন 4 জন লোক ৷
দুৰ্ঘটনাটোত মালবাহী বাহনখনত যাত্ৰা কৰা পুতুলী ৰাভা, মিনা ৰাভা আৰু সুশীলা ৰাভাৰ ঘটনাস্থলীত মৃত্যু হোৱাৰ লগতে ৰীণা ৰাভা নামৰ মহিলাগৰাকীৰ চিকিৎসালয়ত মৃত্যু হয় ৷ আনহাতে দুৰ্ঘটনাটোত মনোজ ৰাভা, পৰুল ৰাভা, ৰীতা ৰাভা আৰু দ্ৰোপদী ৰাভা গুৰুতৰভাবে আহত হোৱাত প্ৰথমাৱস্থাত বামুণীগাঁও আদৰ্শ চিকিৎসালয়ৰ ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ ঘটনাস্থলীত বকো আৰক্ষী ততাতৈয়াকৈ উপস্থিত হৈ আহতসকলক বামুণীগাঁও আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে দুৰ্ঘটনাৰ বাবে বন্ধ হৈ পৰা ৰাষ্ট্ৰীয় ঘাইপথটো মুকলি কৰাত ব্যস্ত হৈ পৰে । তথ্যনুসৰি, মহিলা কেইগৰাকী গুৱাহাটী বেলতলাত দেওবৰীয়া সাপ্তাহিক বজাৰত শাক-পাচলি বিক্ৰী কৰি ঘৰলৈ ওভতাৰ পথত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷
আৰু পঢ়ক