গুৱাহাটী, 29 জুলাই : অসম-মিজোৰাম সীমান্তত সংঘটিত হোৱা মিজো দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনা সন্দৰ্ভত ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উক্ত ঘটনা সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠনে ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে শিলচৰত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত দলৰ এটা প্ৰতিনিধি দল ৷ দলটোৱে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ লাইলাপুৰৰ গুলীচালনাত আহত চিকিৎসাধীন লোকসকলৰ স্বাস্থ্যৰ বুজ লয় ৷
লুৰিণজ্যোতি গগৈৰ নেতৃত্বত যোৱা দলটোত আছিল দলৰ উপ-সভাপতি চমছেৰ সিং আৰু মিল্টন কুইয়া, প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমান, সাংগঠনিক সম্পাদক ফখৰুল ইছলাম মজুমদাৰ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সম্ভিদ শৰ্মা আৰু জাতীয় যুৱ শক্তিৰ ৰাজ্যিক আহ্বায়ক ইফটিকাৰ হুছেইন ৷ প্ৰাপ্ত খবৰ মতে, প্ৰতিনিধি দলটোৱে শুকুৰবাৰে পুৱা অসম-মিজোৰাম সীমান্তলৈ যাব আৰু পৰিস্থিতিৰ বুজ ল'ব ৷ কাছাৰৰ অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত 26 জুলাইত সংঘটিত হোৱা ঘটনাত অসম আৰক্ষীৰ ছয়জন জোৱান নিহত হোৱাৰ উপৰি অৰ্ধ শতাধিক আৰক্ষী আহত হৈছিল ৷ এই ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে সীমান্ত অঞ্চলত এতিয়াও অব্যাহত আছে উত্তেজনা ৷