ৰঙিয়া, ২৯ আগষ্ট :ক'ভিড (Covid) মহামাৰীয়ে বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰা দেখা গৈছে । বহুতে উপাৰ্জনৰ পথ হেৰুৱাইছে যদিও একাংশই আকৌ উপাৰ্জনৰ বাবে বিকল্প পথ বাছি লৈছে । আনকি একাংশৰ প্ৰতিভা বিকাশতো কিছু পৰিমাণে সহায় কৰিছে কৰ'ণা পৰিস্থিতি আৰু লকডাউনে (Lockdown) । কামৰূপ জিলাৰ ৰঙিয়াৰ সমীপৰ বালিসত্ৰ নামৰ এটা অঞ্চলৰ ছাত্ৰ এজনৰো জীৱন সলনি কৰিলে মহামাৰীয়ে ।
ছাত্ৰজনে বাঁহৰ বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি ক্ষুদ্ৰ উদ্যোগলৈ পৰিণত কৰিছে সমগ্ৰ বালিসত্ৰ অঞ্চলটোক । বাঁহৰ বিভিন্ন ধৰণৰ সৌন্দৰ্যবৰ্ধক সামগ্ৰী, নিত্য ব্যৱহাৰ্য সামগ্ৰী প্ৰস্তুত কৰি সকলোকে আকৰ্ষণ কৰিছে বিকি কুমাৰ নামৰ ছাত্ৰজনে । বাঁহৰ সামগ্ৰী বিক্ৰী কৰি আত্মনিৰ্ভৰশীল হোৱাৰো উদাহৰণ দাঙি ধৰিছে বিকিয়ে ।
বিকিৰ পিতৃ কুটীৰ শিল্পৰ (Cottage Art) লগত জড়িত আছিল । পিতৃৰ কুটীৰ শিল্পৰ বিদ্যাক অনুসৰণ কৰি বাঁহৰ সামগ্ৰী প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছিল যুৱকজনে ।