অসম

assam

ETV Bharat / state

জটিল ৰোগত আক্ৰান্ত ছাত্ৰীঃ সাহায্যৰ অনুৰোধ পৰিয়ালৰ - Sadananda Sharma

জটিল ৰোগত আক্ৰান্ত ছয়গাঁৱৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী ৷ সাহায্যৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে ৷

জটিল ৰোগত আক্ৰান্ত ছাত্ৰীঃ অৰ্থসাহায্যৰ অনুৰোধ পৰিয়ালৰ

By

Published : Aug 20, 2019, 5:57 PM IST

জটিল ৰোগত আক্ৰান্ত ছাত্ৰীঃ অৰ্থসাহায্যৰ অনুৰোধ পৰিয়ালৰ

ছয়গাওঁ, 20 আগষ্টঃদক্ষিণ কামৰূপৰ ছয়গাঁওৰ বামুণীগাঁও শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ সাগৰিকা শৰ্মা নামৰ এগৰাকী ছাত্ৰী যোৱা কেইবামাহো ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ আছে । মস্তিস্কৰ টিউমাৰ ৰোগ ধৰা পৰাত শেহতীয়াকৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তিনিবাৰকৈ জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে যদিও বিশেষ সফলতা লাভ কৰা নাই চিকিৎসকৰ দলে ৷ সেয়েহে বিগত এমাহ ধৰি গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত ক্ষীপ্ৰতাৰে চিকিৎসা চলি আছে ছাত্ৰীগৰাকীৰ ৷ শেহতীয়া চিকিৎসাত পুনৰ এক জটিল অস্ত্ৰোপচাৰৰ কথা উল্লেখ কৰিছে চিকিৎসকৰ দলে ৷ ইতিমধ্যেই ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোক তথা সাগৰিকাৰ পিতৃ পেছাত এজন গাড়ী চালক সদানন্দ শৰ্মাই কন্যাৰ চিকিৎসাৰ বাবে নিজৰ সকলো সা-সম্পত্তি বিক্ৰী শেষ কৰিছে। অৰ্থৰ অভাৱত অসহায় অৱস্থাৰ সন্মুখীন হৈছে দৰিদ্ৰ পৰিয়ালটো ৷ সেয়েহে ছাত্ৰীগৰাকীক পুনৰ সুস্থ তথা এক নতুন জীৱন প্ৰদানৰ উদ্দেশ্যৰে গাঁৱৰ ৰাইজৰ সহযোগত পৰিয়ালৰ লোকে দোকানে-পোহাৰে সহায় বিচাৰি ঘূৰি ফুৰিছে ৷ দুৰ্ভগীয়া পৰিয়ালটোক অকণমান সহায় প্ৰদানৰ বাবে চৰকাৰৰ লগতে সাধাৰণ ৰাইজক অনুৰোধ জনাইছে ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে। আনহাতে কোনো সদাশয় লোকে বেংক যোগে অৰ্থসাহায্য আগবঢ়াব বিচাৰিলে চেণ্ট্ৰেল বেংকৰ বনগাঁও শাখাত সাগৰিকাৰ পিতৃ সদানন্দ শৰ্মাৰ নামত থকা 3276460575 নং একাউণ্টত জমা দিব পাৰে ।

ABOUT THE AUTHOR

...view details