অসম

assam

ETV Bharat / state

মহাবিদ্যালয় কৰ্তৃপক্ষৰ ভুলৰ বাবে ফলাফল লাভৰ পৰা বঞ্চিত ছাত্ৰী

শনিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ (assam higher secondary result 2021) পৰা বঞ্চিত হ’ল ছয়গাঁও মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী ৷ এইক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণৰ বাবে ছয়গাঁৱৰ চক্ৰ বিষয়াক আবেদন ভুক্তভোগী ছাত্ৰীগৰাকীৰ ৷

By

Published : Jul 31, 2021, 9:48 PM IST

মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ ভুলৰ বাবে HS ৰ ফলাফল লাভৰ পৰা বঞ্চিত এগৰাকী ছাত্ৰী
মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ ভুলৰ বাবে HS ৰ ফলাফল লাভৰ পৰা বঞ্চিত এগৰাকী ছাত্ৰী

ছয়গাঁও, ৩১ জুলাই : শনিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ (assam higher secondary result 2021) পৰা বঞ্চিত হ’বলগীয়া হ’ল ছয়গাঁও মহাবিদ্যালয়ৰ (chaygaon college) এগৰাকী ছাত্ৰী ৷ ছয়গাঁও মহাবিদ্যালয় কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতিৰ বাবেই প্ৰীতি সাউদ নামৰ বালাপুখুৰী গাঁৱৰ ছাত্ৰীগৰাকী বঞ্চিত হ’ল ফলাফল লাভৰ পৰা ৷ তথ্য অনুসৰি, ছাত্ৰী (student) গৰাকীয়ে বিদ্যালয়ে নিৰ্ধাৰণ কৰি দিয়া সময়মতে পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ কৰিছিল ৷ প্ৰ-পত্ৰ পূৰণৰ সময়ত দিবলগীয়া ১২০০ টকা আদায় দি তাৰ ৰচিদো বিদ্যালয়ৰ পৰা সংগ্ৰহ কৰিছিল ৷

ইপিনে পৰীক্ষাৰ ফলাফল ঘোষণা (result declarations) কৰাৰ আগদিনা অৰ্থাৎ শুকুৰবাৰে মহাবিদ্যালয়ত দিয়া হৈছিল এডমিট কাৰ্ড( admit card) ৷ কিন্তু ছাত্ৰীগৰাকীয়ে শুকুৰবাৰে মহাবিদ্যালয়লৈ এডমিট কাৰ্ড সংগ্ৰহ কৰিব যোৱাৰ পিছতো তেওঁৰ এডমিট কাৰ্ডখন মহাবিদ্যালয়ৰ সংশ্লিষ্ট কৰ্মচাৰীয়ে দিব নোৱাৰিলে ৷ ছাত্ৰী গৰাকীয়ে এডমিটখন কিয় নাপাম বুলি সোধাত কৰ্মচাৰীজনে প্ৰ-পত্ৰ পূৰণ নকৰা বুলি কয় ৷

মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ ভুলৰ বাবে HS ৰ ফলাফল লাভৰ পৰা বঞ্চিত এগৰাকী ছাত্ৰী

কিন্তু ছাত্ৰীগৰাকীয়ে প্ৰ-পত্ৰ পূৰণ কৰাৰ লগতে তাৰ বাবদ আদায় দিয়া ১২০০ টকাৰ ৰচিদখন দেখুওৱাত কৰ্মচাৰীজনে ছাত্ৰীগৰাকীৰ নথি পত্ৰ জমা দিয়া নাই বুলি কয় ৷ উপায়বিহীন ছাত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষক (principal) অৱগত কৰাত অধ্যক্ষগৰাকীয়ে প্ৰ-পত্ৰ পূৰণৰ সময়ত আদায় দিয়া ৰচিদখন ফটো কৰি ৰাখি ফলাফলৰ বাবে পোন্ধৰ দিনমান অপেক্ষা কৰিব লাগিব বুলি কয় ৷ ইফালে পৰীক্ষাৰ ফলাফল লাভ নকৰা ছাত্ৰীগৰাকী হতাশ হৈ পৰাৰ লগতে এই সন্দৰ্ভত এক উচিত ব্যৱস্থা কৰাৰ বাবে শনিবাৰে ছয়গাঁও চক্ৰ বিষয়াক এখন লিখিত আবেদন পত্ৰ দিয়ে ৷

এতিয়া কথা হ’ল, কাৰ ভুলৰ বাবে ছাত্ৰীগৰাকীয়ে প্ৰ-পত্ৰ পূৰণ কৰাৰ পিছতো পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পৰা বঞ্চিত হ’ল ৷ সম্প্ৰতি মহাবিদ্যালয়খনৰ এই কাণ্ডক ছয়গাঁৱৰ সচেতন মহলে তীব্ৰ গৰিহণা দিছে ৷ মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে যিসকল বিষয়া-কৰ্মচাৰীৰ বাবে ছাত্ৰীগৰাকী হতাশাত ভূগিবলগীয়া হৈছে, সেইসকল ব্যক্তিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়কঃ অমলেটেই কাল হ’ল এগৰাকী মহিলাৰ...

ABOUT THE AUTHOR

...view details