বাইহাটা, 23 জুনঃ এইবাৰ বৃদ্ধাশ্ৰমলৈ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৷ পৰিয়ালে পাহৰিলে দায়িত্ববোধ ৷ বাইহাটা চাৰিআলিৰ আগডলা গাঁৱৰ এগৰাকী অবিবাহিত মহিলাৰ এই কাহিনী ৷
অৱহেলিত, অনাদৃতঃ বৃদ্ধাশ্ৰমমুখী এগৰাকী শিক্ষয়িত্ৰী - amar ghor
বাইহাটা চাৰিআলিৰ আগডলা গাঁৱৰ এগৰাকী অবিবাহিত মহিলাৰ এই কাহিনী
পৰিয়াল বুলিবলৈ এগৰাকী ভতিজা আৰু ভতিজা বোৱাৰী ৷ মহিলাগৰাকীৰ পেঞ্চনেৰে ঘৰ চলাই থকা পৰিয়ালটোৰ কিন্তু বৃদ্ধাগৰাকীৰ যতন ল'বলৈ আহৰি নাই ৷ মদ্যপানৰ নিচাৰে বৃদ্ধা গৰাকীক মানসিক তথা শাৰীৰিক যাতনা দিছে যদিও কোনো কাৰণতে পৰিয়ালৰ মৰমত অন্ধ হৈ মাত নামাতে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীয়ে ৷ বহু দিনৰ পৰা এই কাৰ্য চলি থকা দেখি বৃদ্ধাগৰাকীয়ে দুখ সহ্য কৰিব নোৱাৰি মানৱ অধিকাৰ সংস্থাৰ লগত যোগাযোগ কৰে বাইহাটা চাৰিআলিৰ ৰাইজে ৷ মানৱ অধিকাৰ সংস্থাৰ ৰাষ্ট্ৰীয় সভাপতি প্ৰতিমা বৰুৱা আৰু নিলিমা চুলতানাৰ নেতৃত্বত মহিলাগৰাকীক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা কৰায় গুৱাহাটীস্থিত 'আমাৰ ঘৰ' নামৰ বৃদ্ধা আশ্ৰমলৈ প্ৰেৰণ কৰা হয় ৷